‘মহাৰাষ্ট্রৰ প্রধান বিৰোধী দল এতিয়া কঙ্গনা’। এয়া আমাৰ ভাষ্য নহয়, বৰ্তমান ছচিয়েল মিডিয়াৰ এক জনপ্ৰিয় শ্লোগানহে। সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছৰ পৰাই মহাৰাষ্ট্র চৰকাৰক এটাৰ পিছত আনটো আক্ৰমণ কৰি গৈছে কঙ্গনা ৰানাৱতে।
আনকি, মুম্বাইক ‘পাক অধিকৃত কাশ্মীৰ’ পর্যন্ত বুলিছে বলিউডৰ অভিনেত্রীগৰাকীয়ে। ওলোটাই শাসকীয় শিৱসেনা-এনচিপি নেতাসকলেও তেওঁৰ বিৰুদ্ধে আক্রমণ কৰিছে। মুম্বাইত সোমাব নিদিয়াৰ ‘ভাবুকি’ দিয়াৰো অভিযোগ উঠিছে।
এইবাৰ সেই কঙ্গনায়ে মুম্বাইলৈ অহাৰ ঘোষণা কৰোতেই তেওঁক ‘ৱাই প্লাছ’ নিৰাপত্তা দিলে কেন্দ্রই। ইয়াৰ বাবে কঙ্গনাই ধন্যবাদ জনাইছে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক।
কেন্দ্রীয় গৃহ মন্ত্ৰালয়ৰ সূত্র মতে, কঙ্গনাৰ সৈতে সকলো সময়তে থাকিব এজন ব্যক্তিগত নিৰাপত্তা বিষয়া আৰু ১১ জন সশস্ত্র আৰক্ষী। থাকিব কমান্ডোও।
কেন্দ্রৰ এই সিদ্ধান্তৰ পিছতেই গৃহমন্ত্রী অমিত শ্বাহক ধন্যবাদ জনাই টুইট কৰি লিখে, ‘‘ফেচিষ্টসকলে যে দেশপ্ৰেমীসকলৰ কণ্ঠৰোধ কৰিব নোৱাৰে, সেয়াই প্রমাণিত হ’ল। অমিত শ্বাহৰ প্রতি মই কৃতজ্ঞ। তেওঁ বিচাৰিলে কিছুদিন পিছত মোক মুম্বাইলৈ যোৱাৰ কথা ক’ব পাৰে। তেওঁ এগৰাকী ভাৰত কন্যাক সন্মান দিছে, তেওঁৰ আত্মসন্মান আৰু গর্ব ৰক্ষা কৰিছে।’’












