নিউজ ডেক্স:
হাস্পাতালৰ মজিয়াত চিকিৎসাৰ অভাৱত পৰি আছে এক অসহায় পিতৃ ৷ এসময়ৰ প্ৰতিপত্তি থকা ‘ তাজ ‘ বিড়ি ফেক্টৰীৰৰ কোটিপতি ব্যৱসায়ী নুৰু মাতাব্বৰ নিজ ৪ সন্তানক বিঘাই বিঘাই মাটি লিখি দিয়াৰ পিছতে তেওঁৰ জীৱনলৈ নামি আহিল ঘোৰ অন্ধকাৰ ৷
পৰিয়ালৰ লোকৰ অকথ্য নিৰ্যাতন সহ্য কৰিব নোৱাৰি যোৱা ১৫ বছৰৰ পৰা মানুহৰ দুৱাৰে দুৱাৰে ঘুৰি পেটৰ ভাত মোকলাই আছিল ৷ সেই ব্যক্তি চিকিৎসাৰ অভাৱত এতিয়া সদৰ হাস্পাতালৰ মজিয়াত পৰি আছে ৷ মাদাৰীপুৰৰ এসময়ত ‘ তাজ’ বেণ্ডৰ বিড়ি ফেক্টৰীৰ মালিক নুৰু মাতাব্বৰ শেষ আশ্ৰয় হাস্পাতাল ৷ যোৱা ৪-৫ দিন ধৰি তেওঁৰ খবৰ লোৱাৰ কোনো নাই৷
চিকিৎসকৰ মতে উন্নত চিকিৎসা অবিহনে নুৰ হুছেইনে স্বাৱাভিক অৱস্থা ঘূৰাই নাপায় ৷ ইপিনে বৃদ্ধৰ সন্তান সকলক আইনৰ আওতাত অনাৰ লগতে বৃদ্ধ গৰাকীৰ চিকিৎসা দিছে উপজিলা প্ৰশাসনে ৷মাদাৰীপুৰ সদৰ হাস্পাতালৰ মজিয়াত যোৱা বুধবাৰৰ পৰা মূমূৰ্ষ অৱস্থাত পৰি আছে সদৰ উপজিলীৰ ঝিকৰহাটি গাঁৱৰ নুৰু মাতাব্বৰ ৷ এক অজ্ঞাত লোকে অসুস্থ অৱস্থাত নুৰু মাতাব্বৰক হাস্পাতালত ভৰ্তি কৰি থৈ যায় ৷ প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হৈছে যদিও তেওঁৰ খোৱা- বোৱা বন্ধ হৈ গৈছে ৷
অথচ, ৪দিনৰ পিছতো পৰিয়ালৰ লোকে ৬০ বছৰ বয়সীয়া পিতৃৰ কোনো খোজ খবৰ লবলৈ অহা নাই ৷ তেওঁৰ শীঘ্ৰে উন্নত চিকিৎসাৰ প্ৰয়োজন বুলি কৰ্তব্যৰত চিকিৎসকে জানিবলৈ দিছে ৷ স্থানীয়লোকে জানিব দিয়া অনুসৰি কিছু বছৰ পূৰ্বে বন্ধ হৈ যায় তাজ বিড়ী ফেক্টৰী ৷ পিছত নুৰু মাতাব্বৰৰে নিজৰ ঘৰ বিক্ৰি কৰি পুত্ৰক লণ্ডনত পঢ়াবলৈ লয় ৷
লণ্ডনৰ পৰা ঘূৰি আহি পুত্ৰই ঢাকাত ব্যৱসাঞ কৰা আৰম্ভ কৰে ৷ পিছত নৰু মাতাব্বৰে তিনি সন্তানক বিঘাৰ পিছত বিঘা জমিন সন্তানৰ নামত লিখি দিয়াৰ সমান্তৰালকৈ সন্তানক সম্ভ্ৰান্ত পৰিয়ালত বিয়া কৰায় ৷ অথচ যোৱা ১৫ বছৰ ধৰি গৃহ হাৰা এই অসহায় বৃদ্ধ৷ ইফালে বৃদ্ধ গৰাকী মানুহৰ ঘৰে ঘৰে জীৱিকা নিৰ্বাহ কৰিছে যদিও বৰ্তমান বৃদ্ধ মৃত্যুশয্যাত ৷
এলেকাবাসীয়ে ঘটনাৰ সুতদন্ত দাবী কৰিছে ৷ অসুস্থ পোৱাৰ পূৰ্বে তেখেত চাৰমুৰগিয়া এখন দোকানত পহৰাদাৰত নিযুক্ত আছিল ৷ হাস্পাতালৰ অন্যান্য ৰোগীয়ে তেওঁক খাবলৈ দিছে আৰু আপ্যায়ণ কৰিছে ৷ নুৰু মাতাব্বৰৰ ছোৱালীয়ে কৈছে যে, পাৰবিবাৰীক কন্দলৰ বাবেই পিতৃৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ আছে ৷ পিতৃয়ে নিজৰ মতে চলে আমি মাক লৈ নিজৰ মতে থাকো ৷












