ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : কাৰবি আংলং জিলা উপায়ুক্ত কাৰ্যালয়ৰ এজন কৰ্মচাৰী কৰোণাক্ৰান্ত হোৱাৰ বাতৰি পোহৰলৈ আহিছে ৷ সদৰ চহৰ ডিফুস্থিত উপায়ুক্ত কাৰ্যালয়ৰ গোপনীয় শাখাৰ কৰ্মচাৰী পাৰ্থ প্ৰতিম গগৈৰ ক’ৰোনা পজিটিভ হোৱাত উপায়ুক্ত কাৰ্যালয়টোত হাহাকাৰ সৃষ্টি হৈছে ৷
সেই মৰ্মে কালি জিলা দূৰ্যোগ আৰু প্ৰশমন বিভাগৰ জিলা দণ্ডাধীশ আৰু অধ্যক্ষৰ স্বাক্ষৰ সম্বলিত এক নিৰ্দেশনা যোগে সাধাৰণ ৰাইজৰ অসুবিধা নহবলৈ ৫ ছেপ্তেম্বৰৰ সন্ধিয়া ৫ বজাৰ পৰা প্ৰযোজ্য হোৱাকৈ ১৮ ছেপ্তেম্বৰৰ সন্ধিয়া ৫ বজালৈ উপায়ুক্ত কাৰ্যালয়ৰ একাংশ কণ্টেইনমেন্ট জ’ন ঘোষণা কৰিছে ৷
নিৰ্দেশনাটোত উল্লেখ থকা অনুসৰি উপায়ুক্ত কাৰ্যালয়খনৰ পূৱে খালী ঠাই ২০ মিটাৰ দূৰত্বৰ বাউণ্ডেৰী, পশ্চিমে পুৰণি ছেছন ক’ৰ্ট, উত্তৰে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যালয়ৰ বাউণ্ডেৰী ৱাল, আৰু দক্ষিণে দৰ্শনাৰ্থী কক্ষ আৰু সাধাৰণ শাখা কন্টেইনমেণ্ট জ’নৰ আওতাত পৰিছে ৷ কণ্টেইনমেন্ট জ’নৰ কালছোৱাত উক্ত স্থানত মানুহৰ চলন- ফুৰণ ও যান- বাহন চলোৱাত কঠোৰ ভাবে নিষেধ কৰা হৈছে বুলি জনাইছে ৷













