![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফুঃ ক’ৰোনা কালৰ মাজতে যোৱা নিশা অসম- নাগালেণ্ড সীমান্তৰ ধনশিৰি ৰেল ষ্টোচনৰ কাষৰ ডিফুমুখী ৰেলপথৰ এপৰত এজন অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷
ডিফু চৰকাৰী ৰেল আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া থানেশ্বৰ বড়োৱে জানিবলৈ দিয়া অনুসৰি যোৱা নিশা ১০- ১৫ মান বজাত ষ্টেছন মাষ্টাৰৰ পৰা ধনশিৰি ষ্টেচনৰ কাষৰ ৰেলপথৰ ওপৰত এটা মৃতদেহ পৰি থকাৰে খবৰ লাভ কৰি ডিফু আৰপিএফৰ ভাৰপ্ৰাপ্ত বিষয়া এ বি খান আৰু সংগীয় ষ্টাফ সহ উজনিমুৱা ৰাজধানী এক্সপ্ৰেছ ট্ৰেইনেৰ ঘটনা স্থলীত উপস্থিত হয় ৷ ৰেল আৰক্ষীয়ৰ দলটোৱে মৃতদেহটো উদ্ধাৰ কৰি পুণৰ নামনিমুৱা ৰাজধানী এক্সপ্ৰেছেৰে ডিফুলৈ আনে ৷
বিৱৰণী অনুসৰি অচিনাক্ত মৃতদেহটো এগৰাকী বাউনা সদৃস লোক হয়, তেওঁৰ বয়স প্ৰায় ৩০ বছৰ আৰু উচ্চতা প্ৰায় চাৰে তিনি ফুট ৷ পিন্ধনত আছিল নীলা- ৰঙা স্পৰ্টিং আৰু কোৱাৰ্টাৰ হাফপেণ্ট ৷ জানিব পৰা মতে ডিফু জিআৰপিএফত এক গোচৰ ৰুজো দি মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ পিছত চিনাক্তকৰণৰ বাবে ৭২ ঘণ্টাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয়ৰ মৰ্গত সংৰক্ষিত কৰি ৰখা হৈছে ৷













