ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : টেট শিক্ষক সকললৈ সুখবৰ! পৱিত্ৰ শিক্ষক দিৱসৰ উপহাৰ স্বৰুপে ভাৰতীয় ষ্টেট বেংক ডিফু শাখাই আজি আনুষ্ঠানিকভাবে ৭ গৰাকী টেট শিক্ষকক প্ৰদান কৰে ব্যক্তিগত ঋণ ৷ আজি ডিফু এছবিআই মুখ্য শাখাৰ শাখা প্ৰৱন্ধক নিৰজ কুমাৰে প্ৰদান কৰে এই ঋণ ৷
আজি ডিফু এছবিআইৰ উদ্যোগত আৰু সৰ্বশিক্ষা মিছনৰ সমন্বয়ক নিৰপমা তিমুঙপীৰ সহযোগত এই ঋণ প্ৰদান কৰা হয় ৷ এছবিআই ডিফু শাখাৰ শাখা প্ৰৱন্ধক নীৰজ কুমাৰে সাংবাদিকক জানিবলৈ দিয়া অনুসৰি অসম চৰকাৰৰ অধিসূচনা অনুসৰি নিয়মীয়া শিক্ষক সকলৰ দৰে ৬০ বছৰ বয়সলৈকে টেট শিক্ষক সকলক ঋণ মঞ্জুৰ কৰিব পৰা যায় বুলি নিৰ্দেশনাৰ পিছত এই ঋণ টেট শিক্ষক সকলৰ বাবে সহজ লভ্য কৰা হয় বুলি কয় ৷
ইয়াৰোপৰি আবেদনকাৰী টেট শিক্ষক সকলে ঋণৰ বাবে কোনো তৃতীয় পক্ষৰ সহায়ৰ আলম নোলোৱাকৈ প্ৰত্যক্ষ ভাবে শাখা প্ৰৱন্ধকক সাক্ষাৎ কৰিও আবেদন প্ৰক্ৰিয়া চলাব পাৰে বুলি মন্তব্য কৰে ৷













