ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : আজি দিনটোৰ ভিতৰত কাৰবি আংলং আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই দুটাকৈ বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷
আজি পুৱাৰ ভাগত লাহৰিজান এলেকাত এখন ডিআই ট্ৰাকৰ স্পেয়াৰ চকাৰ পৰা আৰক্ষীয়ে প্ৰায় ৩০ লক্ষ্যাধিক টকাৰ নিষিদ্ধ হেৰইন সহ দুটা সৰবৰাহকাৰীক আটক কৰাৰ পিছত পুণৰ বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত খটখটী থানা এলেকাৰ নথাং বস্তিত আৰক্ষীৰ দলে অভিযান চলাই NL 07 R 6728 পঞ্জীয়ন নম্বৰৰ স্কুটিৰ পৰা ৩৬৪ গ্ৰাম নিষিদ্ধ হেৰইন ভৰ্তি ৩০ টা চাবোনৰ বাকছ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
জব্দ কৰা হেৰইন খিনিৰ সৈতে আৰক্ষীয়ে কাৰবি আংলঙ জিলাৰ খটখটী থানা এলেকাৰ নথাং বস্তিৰ ভৈৰৱ প্ৰধানৰ পুত্ৰ সঞ্জীৱ প্ৰধান (৪৬) আৰু দ্বিতীয়জন মণিপুৰৰ সেনাপতি জিলাৰ মাও থানা এলেকাৰ লাইৰচিং গাঁৱৰ মৃত কুবাৰ পুত্ৰ তিৱা আগষ্টিন( ৪৩) নামৰ দুটা সৰবৰাহকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা অনুসৰি নিৰপেক্ষ সাক্ষীৰ সন্মূখত ড্ৰাগছ থকা চাবোনৰ বাকছ সমূহ খুলি ড্ৰাগছ ডিটেকছন টেষ্ট কিটত প্ৰাথমিক পৰীক্ষা কৰি ড্ৰাগছখিনি হেৰইন বুলি নিশ্চিত কৰা হৈছে ৷
ধৃত সৰবৰাহী দুটাই স্বীকাৰ কৰা অনুসৰি ড্ৰাগছ খিনি কালি মণিপুৰৰ পুৰৰ এখন এলপিজি ট্ৰাকত অনা হৈছিল ৷ উল্লেখযোগ্য পাহাৰীয়া জিলাখনৰ নাগালেণ্ড সীমান্তৱৰ্তী এলেকাত যুৱ প্ৰজন্মৰ মাজত ড্ৰাগছৰ বৰ্দ্ধিত হাৰৰ আসক্তিৰ ক্ষেত্ৰত মণিপুৰৰ ড্ৰাগছ মাফিয়াৰ অপৰাধী চক্ৰই নিয়ন্ত্ৰণ কৰি আহিছে বুলি আৰক্ষীৰ সুত্ৰত প্ৰকাশ ৷
আনহাতে জিলা আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে শেহতীয়াকৈ ড্ৰাগছৰ বিৰুদ্ধে গ্ৰহণ কৰা কঠোৰ স্থিতিয়ে কাৰবি আংলং- নাগালেণ্ড সীমান্ত এলেকাত ড্ৰাগছ বিৰোধী অভিযানত কাৰবি আংলং আৰক্ষীয়ে ধাৰাবাহিক সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷













