ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : এসময়ত উগ্ৰপন্থীৰ ৰম্য ভুমি বুলি খ্যাত পাহাৰীয়া জিলা কাৰবি আংলঙত শীৰ্ষ উগ্ৰপন্থী সংগঠন সমূহে আত্ম সমৰ্পণৰ পৰা আৰম্ভ কৰি মূল সূঁতিলৈ ঘূৰি অহাৰ লগতে নিজ নিজ সমস্যা সমূহ চৰকাৰৰ লগত আলোচনাৰ মাধ্যমেৰে সমাধান কৰিবলৈ চেষ্টা অব্যাহত ৰখাৰ সময়তে পুণৰ জিলাখনৰ এক দূৰ্গম এলেকাত কুকি উগ্ৰপন্থীৰ মৰণাস্ত্ৰ সহ মুকলি বিচৰণ কৰা কাৰ্যত বিশেষ তাৎপৰ্য বহন কৰিছে ৷
বিগতকিছুদিন ধৰি কাৰবি আংলঙ জিলাৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীৰ নেতৃত্বত মাঞ্জা, ডিলাইৰ কুকি অধ্যুষিত অঞ্চল সমূহত উগ্ৰপন্থীৰ বিচৰণৰ সম্ভেদ লাভ কৰি এলেকা সমূহত তীব্ৰ অভিযান চলাই কেইবাটাও দূৰ্ধৰ্ষ গঁড় চিকাৰীৰ পৰা আৰম্ভ কৰি শীৰ্ষ উগ্ৰপন্থী নেতা মৰণাস্ত্ৰ সহ আটক কৰিবলৈ সক্ষম হৈছিল ৷
ইয়াৰোপৰি এলেকা সমূহত আৰক্ষীৰ ধাৰাবাহিক অভিযানৰ ফলত সহস্ৰ উগ্ৰপন্থী সংগঠনৰ ওপৰত অস্বাভাৱিক চাপৰ সৃষ্টি হয় ফলত উগ্ৰপন্থীৰ দল সমূহে জিলাখনৰ বিভিন্ন ফালে ঢাপলি মেলিছে বুলি কাৰবি আংলং আৰক্ষীৰ এক বিশেষ সূত্ৰে জানিব পৰা গৈছে ৷ শেহতীয়াকৈ খবৰ পোৱা অনুসৰি জিলাখনৰ প্ৰাকৃতিক শোভা স্থলত সহস্ৰ উগ্ৰপন্থীৰ মুক্ত বিচৰণে সকলোৰে চকু কঁপালত তুলিছে ৷
প্ৰাপ্ত খবৰ অনুসৰি বােকাজান মহকুমাৰ টকৌজান এলেকাত কুকি উগ্রপন্থী সংগঠন ইউ পি আৰ এৰ মুকলি বিচৰণৰ ঘটনাক কেন্দ্র কৰি তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে। উল্লেখযােগ্য যে, কার্বি আংলং জিলাৰ বােকাজান থানাৰ অন্তর্গত বালিপথাৰৰ পৰা প্রায় ১২ কিঃ মিঃ নিলগত আছে টকৌলাংছ জলপ্রপাত।
নান্দনিক সৌন্দর্যৰে ভৰপূৰ টকৌলাংছ’ জলপ্রপাতৰ পর্যটনৰ বহু সম্ভাবনা আছে যদিও বাট-পথৰ অত্যন্ত দুৰৱস্থা উক্ত এলেকালৈ যােৱাৰ ক্ষেত্রত এক বৃহৎ প্রতিবন্ধক হিচাপে চিহ্নিত হৈ আহিছে। ইয়াৰ মাজতে বােকাজানৰ স্থানীয় বিধায়ক ডাঃ নােমল মমিনৰ তৎপৰতাতশেহতীয়াকৈ টকৌলাংছ লৈ যােৱা প্রায় আঠ কিঃ মিঃ পথ প্রধানমন্ত্রী গ্রাম চড়ক যােজনাৰ অধীনত নির্মাণ কৰাৰ ব্যৱস্থা কৰা হয়।
বিগত স্বাধীনতা দিৱসৰ অনুষ্ঠানৰ অন্তত সাংবাদিকৰ এটা দলসহবিধায়কগৰাকীয়ে টকৌলাংছ জলপ্রপাত পৰিদর্শন কৰাৰ লগতে প্রকৃতিৰ অন্যতম সুন্দৰ সৃষ্টি টকৌলাংছ ৰ সৌন্দর্য উপভােগ কৰাৰ বাবে পর্যটকক চছিয়েল মিডিয়াযােগে আহ্বান জনাইছিল। আনহাতে, লকডাউনৰ ফলত সৃষ্টি হােৱা বিনোদন অৱসৰৰ সময় উপভােগ কৰাব বাবে শেহতীয়াকৈ টকৌলাংছ’ জলপ্রপাতস্থলীত পর্যটকৰ ভীৰ বৃদ্ধি পােৱা পৰিলক্ষিত হয়।
ঠিক সেইদৰে যােৱা দেওবাৰে চুবুৰীয়া জিলা গােলাঘাটৰ লগতে স্থানীয় কিছুসংখ্যক প্রকৃতিপ্রেমী জলপ্রপাতৰ সৌন্দর্য উপভােগ কৰাৰ উদ্দেশ্যে টকৌলাংছ ত উপস্থিত হয়হি। এনে সময়তে আকস্মিকভাবে উক্ত পথেৰে নামি আহে কুকি সশস্ত্র উএপন্থী সংগঠন ইউ পি আৰ এফৰ এটা সশস্ত্র বাহিনী। ইউ পি আৰ এফৰ সেনাধ্যক্ষ মার্টিন গুইটেৰ নেতৃত্বত অহা উগ্রপন্থী সংগঠনটোৰ কেডাৰসকলৰ হাতে হাতে আছিল এম-১৬, এ কে ছিৰিজৰ স্বয়ংক্রিয় অস্ত্র। জলপ্রপাতস্থলীত সশস্ত্র উগ্রপন্থীৰ দলটো প্রত্যক্ষ কৰি জলপ্রপাত দর্শনৰ বাবে অহা লােকসকল আতংকিত হৈ পৰে যদিও উগ্রপন্থী দলটোৱে পর্যটকসকলক নির্ভয় প্রদান কৰে ।
কেৱল ইমানেই নহয় ইয়াৰে কিছুসংখ্যক লােকৰ সৈতে সংগঠনটোৰ সেনাধ্যক্ষ মার্টিন গুইটেৰ লগতে আনসকলে ছেলফীও উঠা দেখিবলৈ পােৱা যায়। ইফালে, সিংহাসন পাহাৰৰ পাদদেশত থকা টকৌজান এলেকাত দুর্ধর্ষ উগ্রপন্থী সংগঠনটোৰ এনে মুকলি বিচৰণৰ ঘটনাই পাহাৰীয়া
জিলাখনত তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে । সংগঠনটোৰ নিজা শক্তি প্রদর্শনৰ বাবেও এনে পন্থা লােৱাৰ সম্ভাবনা থকা বুলি বিভিন্নজনে মস্তব্য প্রকাশ কৰিছে।
নিৰাপত্তাৰক্ষীৰ ওপৰত প্রত্যাক্রমণ সংঘটিত কৰাৰ লক্ষ্যৰেও উগ্রপন্থী সংগঠনটোৱে এনেদৰে শক্তি প্রদর্শন কৰি টোপ দিয়া বুলিও বিভিন্নজনে সম্দেহ প্রকাশ কৰিছে। ইফালে, ৰাজ্যৰ বিধানসভা নির্বাচনৰ দিন ক্রমাৎ চমু চাপি অহাৰ সময়তে জিলাখনত পুনৰ উগ্ৰপন্থী সংগঠনৰ এনে মুকলি বিচৰণৰ দৃশ্যও বিশেষ গুৰুত্বপূর্ণ বিবেচিত হৈছে।
উগ্রপন্থী সংগঠনটোৰ এনে তৎপৰতাৰ বিষয়ে ৰাজহৱা হােৱাৰ লগে লগে টকৌলাংছ জলপ্রপাত সাধাৰণ বাইজৰ দর্শনৰ বাবে সাময়িকভাবে বন্ধ কৰি দিয়া হৈছে। উল্লেখযোগ্য যে জিলাখনত সহস্ৰ উগ্ৰপন্থীৰ ক্ৰিয়াকলাপ লোপ পোৱাত সেনা প্ৰত্যাহাৰ হৈছিল যদিও শেহতীয়াকৈ পুণৰ উগ্ৰপন্থীৰ মুক্ত বিচৰণৰ ঘটনা পোহৰলৈ অহাৰ পিছত জিলাআৰক্ষীয়ে কি পদক্ষেপ লয় সেয়া লক্ষ্যণীয় হৈ পৰিছে ৷












