ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : কার্বি আংলং জিলাৰ মাঞ্জাৰ এগৰাকী কিশােৰীক পলুবাই নি ৰঙাঘৰৰ আলহী হবলগীয়া হ’ল ডিফু বৰলাংফেৰৰ এগৰাকী যুৱক।
প্রাপ্ত তথ্য অনুসৰি, চাৰিদনি পূর্বে মাঞ্জাৰ এগৰাকী কিশােৰীক বিবাহৰ উদ্দেশ্যে পলুবাই নিছিল বৰলাংফেৰ থানাৰ অন্তর্গত পেপে বস্তিৰ ধর্মেন্দ্র চৌহান (২১) নামৰ যুবকজনে।
এই সন্দর্ভত কিশােৰীগৰাকীৰ পৰিয়ালে মাঞ্জা থানাত দাখিল কৰা এক অভিযােগৰ ভিত্তিত অভিযান চলাই মাঞ্জা আৰক্ষীয়ে কালি বৰলাংফেৰ আৰক্ষীৰ সহযােগত ধর্মেন্দ্র চৌহানক গ্রেপ্তাৰ কবিবলৈ সক্ষম হয়।
এই সন্দর্ভত ভাৰতীয় দণ্ডবিধিৰ ৩৬৬ ধাৰাত ২৬/২০২০ নম্বৰত এক গােচৰ ৰুজু কৰি অভিযুক্ত যুবকজনক কাৰাগাৰলৈ প্রেৰণ কৰা হয়।













