ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : অতিমাৰী ক’ৰোনাৰ মহা সন্ত্ৰাস আৰু বিভিন্ন প্ৰাকৃতিক দূৰ্যোগৰ মাজতো নিজৰ অসৎ কামনাবোৰ চৰিতাৰ্থ কৰিবলৈ তিলমানো সংকোচবোধ নকৰে একাংশ কু চৰিত্ৰ লোকে৷
প্ৰাপ্ত খবৰ অনুসৰি কার্বি আংলং জিলাৰ মাঞ্জাৰ হিদিম টেৰণ গাঁৱত যুৱতী ধর্ষণৰ অভিযােগত আৰক্ষীয়ে কালি বিয়লি এজন অভিযুক্তক গ্রেপ্তাৰ কৰি কাৰাগাৰলৈ প্রেৰণ কৰাৰ বাতৰি পোৱা গৈছে।
প্রাপ্ত তথ্য অনুসৰি, হিদিম টেৰণ নদীপাৰৰ এগৰাকী একৈশ বছৰীয়া যুৱতীক উত্ত স্থানৰে ছেলিম উদ্দিন (২৭) নামৰ দুর্বৃত্তটোৱে যােৱা ২১ আগষ্টৰ বিয়লি তিনি বজাত যুৱতীগৰাকীক কৌশলেৰে নিজ ঘৰলৈ মাতি নি ধর্ষণ কৰে। পিছত যুবতীগৰাকীয়ে অভিযুক্ত ছেলিমৰ পিতৃ মাতৃক এই বিষয়ে অৱগত কৰাত ছেলিমৰ পিতৃ মাতৃয়ে এই অভিযােগ সম্পূর্ণৰূপে অস্বীকাৰ কৰাৰ লগতে যুৱতীগৰাকীক মাৰ ধৰ কৰাৰো অভিযােগ উত্থাপিত হৈছে।
ঘটনা সংঘটিত কৰাৰ পিছৰে পৰা পলাতক অবস্থাত থাকে অভিযুক্ত যুৱকগৰাকী। ইয়াৰ পিছতে নির্যাতিতা যুৱতীগৰাকীৰ পৰিয়ালে মাঞ্জা থানাত দাখিল কৰা এক এজাহাৰৰ ভিত্তিত মাঞ্জা আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩৭৬/৩২৫/৩৪ ধাৰাত ২৮/২০২০ নম্বৰত এক গােচৰ কজু কৰি দুর্বৃত্তব সন্ধানত অভিযান আৰম্ভ কৰে।
অৱশেষত কালি বিয়লি ডিফু মাঞ্জা পথৰ মাঞ্জাৰ খণ্ড উন্নয়ন বিষয়াৰ কার্যালয়ৰ সমীপৰ পৰা মাঞ্জা আৰক্ষীয়ে অভিযুক্ত ছেলিম উদ্দিনক গ্রেপ্তাৰ কৰি কাৰাগাৰলৈ প্রেৰণ কৰে ।













