![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : যোৱা নিশা সংঘটিত হয় এক ভয়ানক অগ্নিকাণ্ড। বোকাজান মহকুমাৰ সৰিয়হজানত ৩ খনকৈ দোকানত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড। ৩খন দোকানৰ ভিতৰত এখন হোটেল ,এখন গেলামাল দোকান আৰু এখন টেণ্ট হাউচ আছিল।
৩ খন দোকানৰ প্ৰায় ২০ লাখ টকাৰ সা-সামগ্ৰী জুইত সম্পূৰ্ণ ৰূপে ভস্মীভূত হয়। জুইৰ সূত্ৰপাত কৰ পৰা হৈছিল এতিয়ালৈ জানিব পৰা হোৱা নাই। যথা সময়ত বোকাজান আৰক্ষীৰ লগতে অগ্নিনিৰ্বাপক বাহিনী ঘটনা স্থলীত উপস্থিত অগ্নি নিৰ্বাপিত কৰিবলৈ সক্ষম হয় ৷












