
ডিফু : উন্নয়নৰ কথা কোৱা বিজেপি চৰকাৰখনৰ কৃপাদৃষ্টি নপৰা পশ্চিম কাৰ্বি আংলং জিলাৰ এতিয়াও বহু অঞ্চলত জৰাজীৰ্ণ হৈ থকা পথে দুৰ্ভোগ ভোগাইছে পথচাৰীক তথা সাধাৰণ ৰাইজক। পশ্চিম কাৰ্বি আংলং জিলাৰ আমৰেঙ পৰিষদীয় সমষ্টিৰ জিৰিকেন্দিঙ অঞ্চলৰ হিজুংলাংছু পথৰ দৃশ্য এয়া।
কথাতেই কয় পৰত আশা বনত বাস। হয় তাৰে যেন প্ৰতিফলন ঘটিছে পশ্চিম কাৰ্বি আংলং জিলাৰ ৯নং আমৰেঙ পৰিষদীয় সমষ্টিৰ জিৰিকীডিং অঞ্চলৰ হিজুংলাংছু পথৰস্থানীয় ৰাইজৰ মাজত।
বহু বছৰ ধৰি অসম চৰকাৰৰ লগতে কাৰ্বিআংলংৰ স্বায়ত্ত শাসিত পৰিষদৰ শাসকীয় দলৰ এজনো জনপ্ৰতিনিধিয়ে পথছোৱা মেৰামতিৰ বাবে ব্যৱস্থা গ্ৰহণ নকৰাত অঞ্চলটোৰ উদিয়মান সমাজ কৰ্মী এলবাৰ্ট টিছ’ৰ নেতৃত্বত আৰু স্থায়ীন বন বিভাগৰ সহযোগত অঞ্চলটোৰ ৰাইজে শ্ৰম দান কৰি প্ৰায় দুই কিলোমিটাৰ পথ চেনগ্ৰেভল পেলাই মেৰামতি কৰে।
উন্নয়নৰ ফতা ঢোল বজোৱা বি জে পি চৰকাৰ কেতিয়াবা কৃপা দৃষ্টি পৰিবনে, নে ৰাইজে নিজৰ গাঠিৰ ধন ভাঙি পথ মেৰামতি কৰি থাকিব লাগিব সেয়া এতিয়া কোটি টকীয়া প্ৰশ্ন।












