
ষ্টাফ ৰিপৰ্টাৰ
ডিফু : বাৰিষাৰ অতিমাত্রা ববষুণৰ ফলত আবাসস্থলী আৰু খাদ্যৰ অভাৱত জনবসতিপূর্ণ এলেকাত প্রৱেশ কৰা বনাপ্রাণীসমূহৰ নিৰাপত্তাৰ প্রসঙ্গক কেন্দ্র কৰি প্রকৃতি প্রেমীসকলে আশংকা প্রকাশ কৰি অহাৰ সময়তে কাৰ্বি আংলং জিলাৰ ফুলনিৰ সমীপৰ ফুলনি গাঁওবাসী ৰাইজে শেহতীয়াকৈ বন্যপ্রাণীৰ প্রতি থকা প্রেম আৰু দায়বদ্ধতাৰ এক সুন্দৰ নিদর্শন দেখুবাবলৈ সক্ষম হৈছে।
জানিব পৰা মতে, কালি নিচেই পুৱাতে জন বসতিপূর্ণ গাঁওখনত এটা হৰিণ প্রৱেশ কৰে। গাঁওখনৰ এজন লোকৰ গোঁহালিত পুৱাৰ ভাগতে স্থানীয় লোকসকলে প্রত্যক্ষ কৰে হৰিণাজনীক। লগে লগে গাঁওখনৰ ৰাইজে পহুটো আৱদ্ধ কৰি বন বিভাগক চমজাই দিয়ে। পহুটো খাদাৰ সন্ধানত অথবা নৈৰ সোঁতত উটি আহি গাঁওখনত প্রবেশ কৰা বুলিও সন্দেহ কৰা হৈছে।












