
ডিফু : পাহাৰীয়া জিলা কাৰ্বি আংলঙত প্ৰায়ে সংঘটিত হৈ আহিছে হাতী মানুহৰ সংঘাত। বোকাজান মহকুমাৰ ডিলাইত ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথ ওপৰতে এটা বনৰীয়া হাতীয়ে এখন অট’ৰিক্সাক আক্ৰমণ কৰে। আক্ৰমণৰ লগে লগে অট’ৰিক্সাখনৰ চালক আৰু যাত্ৰী কোনোমতে পলাই সাৰিবলৈ সক্ষম হয়। ঘটনাস্থলীত কোনো লোক হতাহত হোৱা নাই যদিও অট’ৰিক্সাখনৰ ভাঙি থৈ যায় হাতীটোৱে। দুৰ্ঘটনাগ্ৰস্থ অট’ৰিক্সাখনৰ নম্বৰ NL 07F 6180 ।
উল্লেখযোগ্য যে সেউজ কাৰ্বি পাহাৰৰ বনাঞ্চলসমূহ ধ্বংসৰ ফলত এনেদৰেই খাদ্যৰ সন্ধানত ওলাই আহে জাকে জাকে বনৰীয়া হাতী। এনেদৰে বনাঞ্চলৰ পৰা জনাঞ্চল লৈ ওলাই অহা বনৰীয়া হাতীৰ যাকে মানুহৰ ঘৰ দুৱাৰ ভাঙি বহু কৃষি ভূমি অনিষ্ট কৰে। যাৰ বাবে স্থানীয় ৰাইজে বহু হাৰাশাস্তি ভুগিব লগা হয়।
ইতিমধ্যে কাৰ্বি আংলঙৰ বোকাজানত বনৰীয়া হাতীৰ আক্ৰমণত বহু লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। এই ক্ষেত্ৰত বন বিভাগে নিৰ্বিকাৰ ভূমিকা পালন কৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে।
অন্যহাতে ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথটো অতি শোচনীয় হোৱাৰ বাবে এনেদৰেই সংঘটিত হৈ আহিছে বহু দুৰ্ঘটনা। ৰাষ্ট্ৰীয় ঘাইপথটোৰ জৰাজীৰ্ণ ৰূপে বছৰ বছৰ ধৰি জ্বলা কলা খোৱাই আহিছে পথচাৰিক। কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিৰ বাবেই জীয়াতো ভুগি আহিছে সাধাৰণ জনতাই। ইমানৰ পিছতো বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয়।












