
ষ্টাফ ৰিপৰ্টাৰ
ডিফু : ক’ভিদ-১৯ত আক্ৰান্ত হৈ উন্নত চিকিৎসাৰ বাবে ডিফু ক’ভিদ হাস্পাতালৰ পৰা জিএমচিএইছলৈ প্ৰেৰণ কৰা মহিলাৰ মৃত্যুৰ পিছত ৩৬ ঘণ্টালৈকে মৃতদেহ পৰিয়ালৰ লোকক চমজাই নিদিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ জি এম চি এইচ’ৰ ক’ভিদ চিকিৎসালয়ৰ বিৰুদ্ধে এই গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে ৷
উল্লেখ্য যে ৯ আগষ্টত ডি এম চি এইচ’ৰ পৰা জি এম চিএইচ’লৈ উন্নত চিকিৎসাৰ বাবে ডিফুৰ পৰা প্ৰেৰণ কৰা হৈছিল কভিদ আক্ৰান্তগৰাকীক৷ পৰিয়ালৰ লোকে অভিযোগ কৰা অনুসৰি মৃতদেহ স্বাস্থ্য বিভাগৰ নিয়ম অনুযায়ী গতাই দিয়াৰ পিছত মৃত দেহত থকা ক্ষত চিহ্নকলৈ প্ৰশ্ন উত্থাপন কৰিছে পৰিয়ালৰ লোকে। মহানগৰীৰ ভূতনাথ শ্মশানৰ পৰা ওভতাই আনিলে মৃতদেহ জি এম চি এইচ’লৈ। ১৮ আগষ্টত পুৱা ১০.১৫ বজাত চিকিৎসাধীন অবস্থাতে মৃত্যুক সাৱতি লৈছিল বীণা টেৰাংপী নামৰ মহিলাগৰাকীয়ে। মৃত্যুৰ ২৪ ঘণ্টাৰ পাছত চিকিৎসালয় কৰ্তৃপক্ষই বিশেষ অনুমতিৰ কাগজৰ বাবে কামৰূপ মেট্ৰ উপায়ুক্তৰ কাৰ্যালয়লৈ যাবলৈ দিছিল বুলি জনাইছে পৰিয়ালৰ লোকে৷
এই বিষয়ে কামৰূপ মেট্ৰ’ৰ অতিৰিক্ত উপায়ুক্ত মহোদয়ৰ পৰা জানিব বিচৰাত তেওঁ অস্বীকাৰ কৰি এইটো নিয়ম নহয় বুলি জানিব দিয়ে। বৰ্তমান বাতৰি লিখা পৰলৈকে জানিব পৰাত মৃতদেহটো ভাঙাগড় আৰক্ষীৰ জিম্বাত আছে আৰু গুৱাহাটীস্থিত কাৰ্বি জাতীয় সংগঠনসমূহ থানাত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে৷












