ডিফু : কালি বিয়লিৰ ভাগত কাৰ্বি আংলঙ আৰু নাগালেণ্ড সীমান্তৱৰ্তী এলেকা খটখটীত কাৰ্বি আংলং আৰক্ষীয়ে প্ৰায় তিনি লক্ষ্যাধিক টকাৰ নিষিদ্ধ হিৰইনসহ এটা সৰবৰাহকাৰীক আটক কৰা ঘটনাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ আৰক্ষীৰ সূত্ৰে জানিব পৰা অনুসৰি কালি বিয়লি নিষিদ্ধ ড্ৰাগছ সৰবৰাহৰ এক খবৰ লাভ কৰি বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত খটখটী অ’চি আৰু বৰপথাৰ চিআইৰ সহযোগত এক অভিযান চলোৱা হয় ৷ অভিযানকালত অভিযানকাৰী দলটোৱে খটখটী থানা এলেকাৰ পৰা এজন লোকক আটক কৰিবলৈ সক্ষম হয় ৷
ধৃত সৰবৰাহকাৰীটোৰ পৰা আৰক্ষীয়ে ৮টাকৈ চাবোনৰ বাকছত কঢ়িয়াই অনা ৮৮ গ্ৰাম নিষিদ্ধ হিৰ’ইন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ প্ৰাথমিক পৰীক্ষাত জব্দ কৰা ড্ৰাগছখিনি হিৰইন বুলি নিশ্চিত কৰা হয় ইয়াৰ বজাৰ মূল্য প্ৰায় ৩ লাখ ২০ হাজাৰ টকা হ’ব বুলি আৰক্ষীৰ সূত্ৰটোত প্ৰকাশ ৷ ধৃত সৰবৰাহকাৰীটো নগাঁও জিলাৰ কচুৱা থানা এলেকাৰ কচুৱা ৰাজ আলিৰ নিবাসী কুদ্দুচ আলীৰ পুত্ৰ জলিল আলী বুলি চিনাক্ত কৰা হৈছে ৷
ধৃত সৰবৰাহকাৰীটোৱে নিষিদ্ধ হিৰইনখিনি খটখটী থানা এলেকাৰ বালিজানৰ আনোৱাৰ হুছেইনৰ পৰা অনা বুলি আৰক্ষীৰ ওচৰত প্ৰাথমিক জেৰাত স্বীকাৰ কৰিছে আৰক্ষীৰ সূত্ৰটোত উল্লেখ আছে ৷ উল্লেখ যোগ্য যে যোৱা কেইবাদিন ধৰি বোকাজান আৰু খটখটী আৰক্ষীয়ে অবৈধ ড্ৰাগছ বিৰোধী ধাৰাবাহিক অভিযানত কেইবাটাও উল্লেখযোগ্য সফলতা লাভ কৰিছে।












