ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : কার্বি আংলং জিলাৰ বিভিন্ন স্থানত বনৰীয়া হাতীৰ উপদ্রর ব্যাপক হাৰত বৃদ্ধি পাই আহিবলৈ লােৱাৰ সময়তে বনৰীয়া হাতীয়ে জিলাখনব ডকমকা আৰু বােকাজান এলেকাত তাণ্ডব চলাই বিস্তৰ ক্ষতিসাধন কৰাৰ বাতৰি পােৱা গৈছে।
প্রাপ্ত তথ্য অনুসৰি, ডকমকা আৰক্ষী থানাৰ অন্তর্গত ডকমকা বাচিংজা আক্লামৰ সমীপৰ বীৰেন ইংতি গাঁৱৰ নিবাসী হাৰছিং তেৰাঙৰ বাসভবনত তাণ্ডব চলাই বাসগৃহটোৰ বিস্তৰ ক্ষতিসাধন কৰে । ইয়াৰ পিছতে হাতীৰ জাকটোৱে চনজিৎ ইংহি গাঁৱৰ জুমিত ইংতিৰ ঘৰত তাণ্ডৱ চলাই ভঁৰাল ভাঙি ভঁৰালৰ জমা ধান খাই তহিলং কৰে ।
বনৰয়া হাতীৰ তাণ্ডৱত গােটেই নিশা সমগ্র এলেকাটোত এক আতংকময় পৰিবেশৰ সৃষ্টি কৰে। আনহাতে, বােকাজানৰ ঘৰিয়ালডুবিত পাঁচজনীয়া এটা বনবীয়া হাতীৰ জাকে গােটেই নিশা তাণ্ডব চলাই আতংকময় পৰিবেশৰ সৃষ্টি কৰে।
জানিব পৰা মতে, ঘঁৰিয়ালডুবিৰ ডিম্বেশ্বৰ দুৱৰা নামৰ লােকজনৰ ঘৰত নিশা হাতীৰ জাকটো প্রৱেশ কৰি লােকজনৰ পকীঘৰৰ দুবাৰ-খিবিকীৰ গ্রীল ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে খাদ্যৰ সন্ধানত গােটেই ঘৰ তহিলং কৰে ৷ পুবতিনিশা স্থানীয় ৰাইজে হাতীৰ জাকটো গাঁওখনৰ পৰা খেদি পঠিয়াবলৈ সক্ষম হয়।













