
ছাইদুল ইছলাম, ডিফু
ডিফু : নাগৰিকত্ব সংশোধনী আইন আৰু ই আই এ ২০২০ৰ খচৰা বাতিল কৰাৰ লগতে কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত আজি পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ সদৰ চহৰ ডিফুৰ জননায়ক ছেমছনছিং ইংতি মেম’ৰিয়েল পাৰ্কৰ সন্মূখত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডিফু আঞ্চলিক সমিতিৰ উদ্যোগত মানৱ শৃংখলেৰে প্ৰতিবাদ সাব্যস্ত কৰা হয়।
মানৱ শৃংখল কাৰ্যসূচীত ছাত্ৰ সংগঠনৰ ভালেসংখ্যক ছাত্ৰকৰ্মীয়ে হাতে হাতে বেনাৰ, ফেষ্টুন আদি লৈ, “কা আমি নামানো, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ হিটলাৰী শাসন নচলিব, নচলিব, অখিল গগৈক বিনা চৰ্তে মুক্তি দিয়ক, কা আন্দোলন কাৰীক বিনা চৰতে মুক্তি দিয়ক, হিমন্ত বিশ্ব শৰ্মাৰ দালালি নচলিব, বনজ সম্পদ ধ্বংস হোৱা আইন EIA বাতিল কৰক, বিজেপি মুৰ্দাবাদ” আদি ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা এজেৱাইচিপিৰ কাৰবি আংলং জিলা সমিতিৰ সভাপতি জিতু ফুকনে সাংবাদিকৰ আগতে কয় যে, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে জাতিধ্বংসী আইন ‘কা’ অসমবাসীৰ ওপৰত জুৰ-জুলুমকৈ জাপি দিব বিচাৰিছে, যিটো অসমীয়াৰ বাবে দূৰ্ভাগ্য জনক, সেয়ে এই আইন বাতিল কৰাৰ লগতে EIAৰ জৰিয়তে বনজ সম্পদৰ ধ্বংস কৰাহে হ’ব লগতে ই প্ৰযোজজ্য হলে উত্তৰ- পূৰ্বাঞ্চলৰ বনজ সম্পদৰ ওপৰত অধিক কু-প্ৰভাৱ পৰিব ৷ সেয়ে EIA বাতিল হ’ব লাগে৷
আনহাতে দুখীয়া- দৰিদ্ৰৰ পক্ষত থিয় দি মাত মতা কৃষক নেতা অখিল গগৈ ষড়যন্ত্ৰ ক্ৰমে দীৰ্ঘদিনলৈ ৰাজ্য চৰকাৰে বন্দী কৰি থৈছে বুলি অভিযোগ কৰে নেতাগৰাকীয়ে, সেয়ে তেওঁক বিনাচৰ্তে মুকলি কৰি দিব লাগে বুলিও দাবী জনায় ৷ জাতি, মাটি ভেটি সুৰক্ষাৰ স্বাৰ্থত জননায়ক উপাধি লৈ মুখ্যমন্ত্ৰীৰ আসন অলংকৃত কৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে খিলঞ্জীয়াৰ বিপৰীতে সিদ্ধান্ত ল’লে ৰাইজে তেওঁক জননায়কৰ পৰা খলনায়কলৈ পৰিণত কৰিব বুলি মন্তব্য কৰে এজেৱাইচিপিৰ শীৰ্ষ নেতাজনে ৷ আজিৰ কাৰ্যসূচীত ক্ৰমে, এজেৱাইচিপিৰ ডিফু আঞ্চলিকৰ সভাপতি, সম্পাদক ক্ৰমে, ৰাতুল দত্ত, কৃষ্ণ শৰ্মা, আৰু উপ-সভাপতি নিপেন জ্যোতি বৰাৰ লগতে বিভিন্ন সদস্য কৰ্মী অংশগ্ৰহণ কৰে৷












