
ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : উত্তৰ-পূৰ্বাঞ্চলৰ ৫টাকৈ উগ্ৰপন্থী সংগঠনে আহ্বান জনোৱা ১১ ঘণ্টীয়া বন্ধৰ মাজতো আজি পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুত ৭৪ সংখ়্যক স্বাধীনতা দিৱস উদযাপন কৰা হয় ৷ মহামাৰী কৰ’নাৰ বাবে অতি সীমিত সংখ্যক কাৰ্যসূচীলৈ জিলা প্ৰশাসন উদ্যোগত ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰ প্ৰাঙ্গণত অনুষ্ঠিত হয় স্বাধীনতা দিৱস৷
এই উপলক্ষে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰাৰ লগতে অসম আৰক্ষী জোৱান আৰু অসম বেটেলিয়েন জোৱানৰ গাৰ্ড অৱ অনাৰ গ্ৰহণ কৰে ৷
আজিৰ কাৰ্যসূচীত সাংসদ হৰেণছিং বে’ৰ লগতে প্ৰাক্তন বিধায়ক বিদ্যাছিং ইংলেং, কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ কেইবাগৰাকী ইএম আৰু এমএচিকে ধৰি জিলা উপায়ুক্ত জয়ধ্বজ সিনহা আৰু জিলা আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীকে প্ৰমুখ্য কৰি বহু কেইগৰাকী গণ্য মান্য ব্যক্তি উপস্থিত থাকে৷ স্বাধীনতা দিৱসৰ কাৰ্যসূচী সীমিত হোৱাৰ বাবে নিৰাপত্তা ৰক্ষী, এনচিচি, ছাত্ৰ- ছাত্ৰী, সাংস্কৃতিক সংগংঠন সমূহৰ কুছ-কাৱাজ, নৃত্য আদি প্ৰদৰ্শিত নহ’ল ৷
ইয়াৰ পূৰ্বে পুৱাৰ ভাগত চহৰখনৰ স্কুল-কলেজ , ব্যৱসায়িক প্ৰতিষ্ঠান, চৰকাৰী – বেচৰকাৰী কাৰ্যালয়, বিজেপি, কংগ্ৰেছকে বিভিন্ন দলীয় কাৰ্যালয়তো অনুষ্টুপীয়াকৈ ত্ৰিৰংগা পতাকা উত্তোলন কৰা হয় ৷
ৰাজহুৱা পতাকা উত্তোলনৰ পূৰ্বে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ, সাংসদ, হৰেণছিং বে, পৰিষদৰ অধ্যক্ষ আৰু উপাধ্যক্ষ, ইএম, এমএচি লগতে ডিচি এছপিয়ে ডিফু চহৰতস্থিত গান্ধী পাৰ্কত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰাৰ লগতে শ্বহীদ তৰ্পন কৰি গভীৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ৷
ৰাজহুৱা পতাকা উত্তোলন কৰি দিয়া ভাষণ প্ৰসংগত মুখ্যকাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে চৰকাৰৰ বিভিন্ন কল্যাণ মূলক আঁচনি সন্দৰ্ভত আলোকপাত কৰাৰ লগতে কাৰ্বি আংলঙত এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰৰ আবণ্টিত পুঁজিৰে এতিয়ালৈকে ৭৫৪ কিলোমিটাৰ পথ নিৰ্মাণ কৰা হৈছে বুলি কয় ৷
আগন্ত্তুক মাৰ্চ মাহৰ ভিতৰত ডিফুৰ বাট-পথসমূহ নিৰ্মাণ কৰি উলিওৱা হ’ব বুলি কয়৷ ইয়াৰোপৰি ডিফু নদীৰ বিজ্ঞান সন্মতভাৱে কাম কৰি চহৰখনৰ কৃত্ৰিম বানপানী প্ৰতিৰোধৰ চেষ্টা কৰা হ’ব বুলি মন্তব্য কৰে মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে ৷
আনহাতে, স্বাধীনতা দিৱসৰ পৱিত্ৰ ক্ষণত ডিফু চহৰৰ ফৰেইন গুজছ মাৰ্কেটৰ একাংশ ব্যৱসায়ী চহৰখনক বেলুন আৰু পতাকাৰে সজাই তোলাৰ লগতে পথচাৰীক পায়স খুৱাই প্ৰশংসা বুটলিছে ৷












