![]()
নিউজ ডেস্কঃ
ভাৰতৰ ক’ৰোনা টীকা কোভেক্সিন নিৰাপদ। সুখবৰ দিলে ভাৰত বায়টেকে। ক’ৰোনা ভাইৰাছৰ টীকাত নজিৰবিহীন সাফল্য পাবলৈ আগবাঢ়িছে ভাৰত। সকলো ট্রায়েল শেষ কৰাৰ পূৰ্বেই ৰাছিয়াই তেওঁলোকৰ কৰোনা ভেকচিনৰ ঘোষণা কৰাৰ বিপৰীতে ভাৰতৰ বাবে ক’ৰোনা ভেকচিনৰ সুখবৰ দিলে ভাৰত বায়টেকে। আইচিএমআৰ আৰু নেচনেল ইনষ্টিটিউট অব ভাইৰলজিৰ সহায় লৈ এই টীকা তৈয়াৰ কৰিছে হায়দৰাবাদৰ ঔষধ প্রস্তুতকাৰী কোম্পানী ভাৰত বায়টেকে। টীকাৰ নাম দিয়া হৈছে কোভেক্সিন।
ভাৰতৰ ক’ৰোনা টীকা কোভেক্সিন নিৰাপদ। কোভেক্সিনৰ প্রথম ক্লিনিকেল ট্রায়েল হৈছে দেশত। অৱশ্যে পৰীক্ষামূলক প্রয়োগৰ সম্পূর্ণ ফল এতিয়াও অহা নাই। তথাপিও প্রথম পর্যায়ৰ ক্লিনিকেল ট্রায়েল সফল আৰু এই টীকা নিৰাপদ বুলি দাবী কৰিলে গৱেষকসকলে। প্রথম পৰ্যায়ত কোভেক্সিনৰ পৰীক্ষামূলক প্রয়োগ কৰা হৈছে দেশৰ ১২টা স্থানত। মুঠ ৩৭৫ জন স্বেচ্ছাসেৱকে কোভেক্সিনৰ ডজ লৈছে। ইতিমধ্যেই ট্রায়েলত অংশগ্রহণকাৰী এই স্বেচ্ছাসেৱকসকলৰ নমুনা সংগ্রহ কৰিবলৈ আৰম্ভ কৰিছে গৱেষকসকলে।
টীকা প্রকল্পৰ দায়িত্বত থকা অন্যতম চিকিৎসক সবিতা বর্মাই জনাইছে, এই টীকা নিৰাপদ। তেওঁ কয়, “যিসকল স্বেচ্ছাসেৱকে টীকা লৈছে, তেওঁলোকৰ মাজত এই পর্যন্ত আমি কোনো বিৰূপ প্রতিক্রিয়া পোৱা নাই।” অৱশ্যে তেওঁ এই কথাও জনাইছে যে, টীকাই কিমানখিনি কাম কৰিব সেই কথা এতিয়াই কোৱা সম্ভৱ নহয়।
কিন্তু তেওঁ নিশ্চিত কৰিছে, “এই পর্যন্ত আমি এইটো ক’ব পাৰো যে, টীকা নিৰাপদ। টীকাৰ কার্যকৰিতা জানিনবলৈ দ্বিতীয় পর্যায়ত আমি নমুনা সংগ্রহ আৰম্ভ কৰিছো।” স্বাধীনতা দিৱসৰ পূৰ্বৰ দিনা ভাৰত বায়টেকৰ এই ঘোষণাত এতিয়া সপোন দেখিছে ভাৰতবাসীয়ে।










