
ষ্টাফ ৰিপৰ্টাৰ
ডিফু : কাল কৰোনাই সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলঙত মহা তাণ্ডৱৰ সৃষ্টি কৰিছে ৷ কৰোনাত আক্ৰান্ত হৈ ইটোৰ পিছত সিটোকৈ ক্ৰমাৎ জিলাখনৰ কেইবাজনো বিশিষ্ট ব্যক্তি কৰুণ মৃত্যুক সাৱটি ল’বলগীয়া হৈছে ৷ শেহতীয়াকৈ বিদ্বেত সমাজক শোক সাগৰত পেলাই কৰোনাত আক্ৰান্তহৈ মৃত্যু হয় ডিফু বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বেঞ্জামিন তেৰাঙ ৷
এইলৈ ডিফুৰ লগতে পাহাৰীয়া জিলাখনত শোকৰ ছাঁ পৰিছে ৷ অধ্যক্ষ বেনজামিন তেৰাঙৰ নিশা গুৱাহাটীৰ হায়াট চিকিৎসালয়ত মৃত্যু হোৱাৰ পিছতে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে৷ প্ৰাপ্ত খবৰ অনুসৰি যোৱা ১ আগষ্টত ক’ভিড-১৯ ধৰা পৰাত DMCHৰ Covid-19 হাস্পতালত ভৰ্তি কৰোৱা হৈছিল অধ্যক্ষগৰাকীক৷ পিছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ হায়াট চিকিৎসাললৈ নিয়া হৈছিল আৰু তাতেই অধ্যক্ষগৰাকীৰ আজি নিশা মৃত্যু হয় ৷ অধ্যক্ষগৰাকীৰ পত্নী আৰু পুত্ৰও বৰ্তমান DMCHৰ Covid-19 হাস্পতালত চিকিৎসাধীন ৷ অধ্যক্ষগৰাকীৰ মৃত্যুৰ বাতৰি পাই কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে গভীৰ শোক প্ৰকাশ কৰি পৰিয়ালৰ লোকলৈ গভীৰ সমবেদনা কৰে৷
আনহাতে কাৰ্বি ছাত্ৰ সন্থা চমুকৈ কেএছএৰ সভাপতি সম্পাদক ক্ৰমে, বিজয় বে’ আৰু থানছিঙ তিমুঙে এক শোকবাৰ্তাৰ জৰিয়তে অধ্যক্ষগৰাকীৰ মৃত্যুত অতিকৈ মৰ্মাহত বুলি জনাইছে ৷ অধ্যক্ষ বেঞ্জামিন তেৰাঙৰ মৃত্যুত ছাত্ৰ সমাজৰ লগতে সাধাৰণ ৰাইজৰ বাবে অপূৰণীয় ক্ষতি হৈছে ৷ বহু- ছাত্ৰ-ছাত্ৰীক অন্ধকাৰৰ পৰা উদ্ধাৰ কৰি পোহৰৰ বাট দেখুৱাইছিল অধ্যক্ষগৰাকীয়ে ৷
ইয়াৰোপৰি তেওঁ এজন সু-শিক্ষাবিধ হিচাপে আত্ম-প্ৰতিষ্ঠা কৰিব পাৰিছিল বুলি ছাত্ৰ নেতা দুগৰাকীয়ে মন্তব্য কৰে ৷ বেঞ্জামিন তেৰাঙে ২০১১ চনত ডিফু বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল।












