
ডিফু : স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত বোকাজানত পুনৰ মাৰাত্মক ব্ৰাউন ছুগাৰসহ আটক এটা সৰবৰাহকাৰী। বিগত কিছু দিন পূৰ্বে কাৰ্বি আংলং আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ব্ৰাউন ছুগাৰ জব্দ কৰিছিল আৰু আজি পুনৰ এটা সৰবৰাহকাৰী আটক কৰে খটখটী আৰক্ষীয়ে। ধৃত সৰবৰাহকাৰীটো মণিপুৰৰ ৰাকেশ ছেত্ৰী বুলি জানিব পৰা গৈছে ।
মণিপুৰৰ পৰা অসমলৈ বিক্ৰীৰ উদ্দেশ্যে আনিছিল প্ৰায় 45 গ্ৰাম ব্ৰাউন ছুগাৰ। বোকাজান চক্ৰ আৰক্ষী বিষয়া ভূপেন কলিতা বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাস আৰু খটখটীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মব্লিক ব্ৰহ্মাৰ নেতৃত্বত হোৱা এটা গোপন অভিযানত ধৰা পৰে সৰবৰাহকাৰীটো । ড্ৰাগছখিনিৰ সৈতে ধৃত সৰবৰাহকাৰীটোক খটখটীৰ এটা পাৰ্কিংৰ পৰা আটক কৰে আৰক্ষীয়ে। ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ৩ লাখ টকা পৰ্যন্ত হ’ব পাৰে বুলি জানিব পৰা গৈছে।












