
ডিফু : বৃহস্পতিবাৰে পুৱাই বকলীয়াঘাট বজাৰত এক ভয়াবহ পথ দূৰ্ঘটনা সংঘটিত হয় ৷ গুৱাহাটী অভিমূখী এখন তীব্ৰ বেগী ট্ৰাকে বকলীয়াঘাটৰ যুৱ ব্যৱসায়ী স্বপন ৰয় নামৰ লোক জনৰ বাইকত প্ৰচণ্ড খুণ্ডা মৰাৰ ফলত ঠিতাতে নিহত হয় স্বপন ৷
তাৰোপৰি তীব্ৰ গতিৰে অহা ট্ৰাকখনে প্ৰায় এক কিলোমিটাৰ চুচুৰাই নিয়ে স্বপনৰ বাইকখন ৷ ৩৬নং ঘাই পথটোত চালকৰ অতপালিৰ বাৱেই ইতিমধ্যে বহু লোকে দুৰ্ঘটনা পতিত হৈ মৃত্যুক আকোৱালী ল’ব লগা হৈছে ৷ দুৰ্ঘটনা সংঘটিত কৰিয়েই ট্ৰাকখন পলায়ন কৰে যদিও উত্তৰ বৰবিল আৰক্ষী চকীয়ে আটক কৰে ট্ৰাকখন ৷ ইতিমধ্যে বকলীয়াঘাট আৰক্ষীয়ে মৃত দেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে ডিফুলৈ নিয়াৰ হৈছে।












