
ডিফু : বাজ্যৰ বিভিন্ন কাৰাগাৰত বন্দী হৈ থকা লোকসকলৰ মাজত কৰোনাৰ সংক্রমণে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ আশংকা অব্যাহত থকাৰ সময়তে কার্বি আংলং জিলাৰ ডিফু কাৰাগাৰত শেহতীয়াকৈ কৰোনাৰ সংক্রমণে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ কথা পোহৰলৈ আহিছে। প্রাপ্ত তথ্য অনুসৰি, ডিফু কাৰাগাৰৰ ১৫৯ গৰাকী লোকে এই মহামাৰীৰ গ্রাসত পৰাটো নিশ্চিত হৈছে। কালিৰে পৰা দুদিন ধৰি চলোৱা কৰোনাৰ পৰীক্ষাত এই কথা পোহৰলৈ আহিছে।
প্রসঙ্গক্রমে উল্লেখযোগ্য যে, ডিফু কাৰাগাৰত থকা কাৰাবন্দীৰ সংখ্যা তিনি শতাধিক ইয়াৰে যোৱা মাহত তিনিগৰাকী কয়দী কৰোনাত আক্রান্ত হৈছিল। ইয়াৰ পিছতে কম সময়ৰ ভিতৰতে কাৰাগাৰৰ ভিতৰত কৰোনাৰ সংক্রমাণে এনে এক জটিলৰূপ ধাৰণ কৰাটো গুকত্বপূর্ণ বিবেচিত হৈছে। এনে বৃহৎসংখ্যক কাৰাবন্দী কৰোনাত আক্রান্ত হোৱাৰ ঘটনাই কাৰাগাৰ প্রশাসনতো একপ্রকাৰ হাহাঁকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে।
আনহাতে, বোকাজান মহকুমাৰ শুকানজানত যোবা ৯ আগষ্টত এজন লোকৰ দেহত কৰোনাৰ উপস্থিতি নিশ্চিত কৰা হৈছিল। আক্রান্ত ব্যক্তিজন ভাড়াতীয়া হিচাপে বসবাস কৰা চৌহদটোত আজি চলোৱা পৰীক্ষাত পুনৰ উক্ত চৌহদৰ এঘাকজন লোক কৰোনাত আক্রান্ত হোৱাটো পোহৰলৈ আহিছে।












