
ডিফুৰ পৰা ছাইদুল ইছলাম
উত্তৰ-পূৱৰ ৬টাকৈ উগ্ৰপন্থী সংগঠনে সমাগত স্বাধীনতা দিৱসৰ দিনা আহ্বান জনোৱা ১১ ঘণ্টীয়া বন্ধৰ মাজতে গৌৰৱোজ্জল ৭৪ সংখ্যক স্বাধীনতা দিৱসটি সমগ্ৰ দেশৰ লগত সংগতি ৰাখি পাহাৰীয়া জিলা জিলা কাৰ্বি আংলঙতো জিলা প্ৰশাসনৰ উদ্যোগত উদযাপন কৰিবলৈ পূৰ্ণ প্ৰস্তুতি চলোৱা হৈছে ৷ এইলৈ জিলাখনৰ সীমামূৰীয়া এলেকাৰ পৰা আৰম্ভ কৰি স্পৰ্শকাতৰ এলেকাসমূহত জিলা আৰক্ষী অধীক্ষক দেৱজিত দেউৰীৰ নিৰ্দেশ মৰ্মে কাৰ্বি আংলং আৰক্ষীয়ে তীক্ষ্ণ দৃষ্টি ৰাখিছে বুলি জিলা আৰক্ষীৰ উপাধ্যক্ষ (মুখ্য) নাহিদ কৰিশ্মাই জানিবলৈ দিছে ৷
আজি জিলাৰ সদৰ চহৰ ডিফুত এক নাকা তালাচীত নেতৃত্ব দিয়া আৰক্ষী উপাধ্যক্ষগৰাকীয়ে কয় যে, জিলাখনৰ বিভিন্ন থানা এলেকাৰ নিৰ্দিষ্ট স্থানসমূহত নাকা তালাচী চলাই থকা হৈছে ৷ তালাচী কালত বিভিন্ন যান-বাহনসমূহ ৰখাই বেগ, গাড়ীৰ ডিকি, বাকচ আদি তন্ন-তন্নকৈ পৰীক্ষা কৰা হৈছে ৷
ইয়াৰোপৰি যান-বাহনসমূহৰ লগতে চালকসকলৰ নথি-পত্ৰত ক্ৰুটি পালে Non FIR বা জৰিমনা বিহা হৈছে ৷ আনহাতে ৭৪ সংখ্যক স্বাধীনতা দিৱস উদযাপন হ’বলগীয়া পেৰেড গ্ৰাউণ্ডত ২৪ ঘণ্টাই নিৰাপত্তা ৰক্ষী নিয়োজিত কৰি ৰখা হৈছে, ইয়াৰ বাবে পেৰেড গ্ৰাউণ্ডত এজন আৰক্ষীৰ (ইউবি) উপ-পৰিদৰ্শক, এজন হাবিলদাৰ, ৫ জন হ’মগাৰ্ড আৰু জিলা বিশেষ শাখাৰ ৫ জন আৰক্ষী মোতায়ন কৰা হৈছে বুলি জনাইছে শীৰ্ষ আৰক্ষী বিষয়া গৰাকীয়ে ৷
ইফালে জিলাখনৰ হাওৰাঘাট, বোকাজান, বকলিয়াঘাট, ডকমকা, ডিলাই, মাঞ্জা আৰু বৰলাংফেৰতো আৰক্ষীৰ তালাচী তীব্ৰতৰ কৰা হৈছে বুলি জানিব পৰা গৈছে৷












