সমাগত দেশৰ ৭৪তম স্বাধীনতা দিৱস। বোকাজানৰ অসম নাগালেণ্ড সীমান্ত যথেষ্ট স্পৰ্শকাতৰ অঞ্চল হিচাপে চিহ্নিত। সেয়েহে সমাগত স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি কাৰ্বি আংলঙ আৰক্ষীয়ে বোকাজানৰ বিভিন্ন স্থানত বিশেষ নাকা তালাচী চলাই। নাগালেণ্ডৰ ডিমাপুৰ ফালৰ পৰা অহা গাড়ীসমূহক বিশেষভাৱে তালাচী চলাইছে আৰক্ষীয়ে।
বিভিন্ন সময়ত নাগালেণ্ডৰ পৰা অসমলৈ অস্ত্ৰ-শস্ত্ৰ সৰবৰাহ হৈ থকা দেখিবলৈ পোৱা যায় সেয়ে ৰাজ্যৰ নিৰাপত্তাৰ ক্ষেত্ৰত এতিয়া সষ্টম হৈ পৰিছে আৰক্ষী প্ৰশাসন। বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত ভিন্ন থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকলৰ উপস্থিতিত চলিছে এই নাকা তালাচী।












