
ডিফু : কালি বিয়লি পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছ’ত সংঘটিত হোৱা এক শোকাৱহ ঘটনাত এজন লোক নিহত হোৱাৰ বিপৰীতে আন চাৰিজন গুৰুতৰভাৱে আহত হয়। ঘটনাৰ বিৱৰণ অনুসৰি, বৈঠালাংছ’ত কালি স্থানীয় লোকৰ সহযোগত বিভাগীয় লোকে বিদ্যুৎ মেৰামতিৰ কাম কৰি থকা অৱস্থাতে তাঁৰেৰে বিদ্যুৎ প্ৰৱাহিত হোৱাত পাঁচজনকৈ লোক গুৰুতৰভাৱে আহত।
ইয়াৰে অতি গুৰুতৰভাৱে আহত বৰছিং তিচ’ আৰু লিপচন বে’ক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে হোজাইলৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসাধীন অৱস্থাতে বৰছিং তিচ’ৰ মৃত্যু হয়।
বৈঠালাংছ’ৰ ডেৰাগাঁৱৰ শ্ৰমিক বৰছিং তিচ’ৱে পত্নীসহ দুই সন্তান ইহ-সংসাৰত এৰি থৈ গৈছে। দুৰ্ঘটনাটোত আহত হৈ বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে শ্ৰমিক দিলীপ টেৰণ, লাইনমেন ক্ৰমে বিদ্যা ইংতি আৰু কংকন চৌধুৰী।












