
ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : পুনৰ মণিপুৰ গাড়ীচোৰ চক্ৰ চুৰি গাড়ীসহ কাৰ্বি আংলং আৰক্ষীৰ জালত পৰা কাৰ্যত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ দেশৰ বিভিন্ন প্রান্তৰ পৰা কৌশলেৰে চুৰি কৰি অনা বাহনসমূহ অসমৰ মাজেবে চুবুৰীয়া ৰাজ্যলৈ সৰবৰাহহ কৰা বৃহৎ গাড়ীচুৰি চক্রৰ বিৰুদ্ধে কার্বি আংলং জিলা আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান। শেহতীয়াকৈ ভালেসংখ্যক চুৰি বাহনসহ কেইবাটাও দুধৰ্ষ গাড়ীচোৰ মাঞ্জা আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হোৱাৰ সময়তে কালিৰে পৰা চলোৱা এক বিশেষ অভিযানত পুনৰ এক বৃহৎ গাড়ীচোৰ চক্র জালত পেলাবলৈ সক্ষম হোৱাৰ লগতে চাৰিখনকৈ বিলাসী বাহন উদ্ধাৰ কৰা হয়।
উল্লেখযোগ্য যে, এক গোপন সূত্রে লাভ কৰা তথ্যৰ ভিত্তিত কালি ধনশিৰি থানাৰ আৰক্ষীয়ে তালাচী চলাই এখন চুৰি স্কোৰপিঅ’ আৰু এখন চুৰি বলেৰো জব্দ কবিবলৈ সক্ষম হয়। বাহন দুখনৰ সৈতে আটক কৰা গাড়ীচোৰ কেইটাক চলোৱা জেৰাত আন দুখন চুৰি গাড়ী অসমত প্রবেশ কৰাৰ তথ্য আৰক্ষীয়ে লাভ কবিবলৈ সক্ষম হয়।
উক্ত তথ্যৰ ভিত্তিত ধনশিৰি থানাৰ ভাৰপ্রাপ্ত বিষয়া বাজু ছেত্রী আৰু মাঞ্জা থানাৰ ভাৰপ্রাপ্ত বিষয়া জিতুমণি ডেকাৰ নেতৃত্বত যোৱা নিশা
আৰক্ষীৰ এটা দলে মৰিগাঁও জিলাৰ ধৰমতুল থানাৰ আৰক্ষীৰ সহযোগত গাড়ীচোৰ চক্রৰ বিৰুদ্ধে অভিযান চলায়। উক্ত অভিযানত ধৰমতুল
থানাৰ সমীপতে এখন মণিপুৰী ধাবাত আহাৰ গ্রহণ কৰি থকা অবস্থাত এখন চুৰি ক্রেটা আৰু এখন চুৰি বলেৰো জব্দ কবিবলৈ সক্ষম হয়।
গাড়ীচোৰ চক্রব বিৰুদ্ধে কালি চলোৱা উক্ত অভিযানত আৰক্ষীয়ে মুঠ চাৰিখনকৈ বাহন জব্দ কৰাৰ লগতে চাৰিটাকে দুৰ্ধৰ্ষ গাড়ীচোৰকো গ্রেপ্তাৰ কবিবলৈ সক্ষম হয়। ধৃত গাড়ীচোৰ কেইটা ক্রম মণিপুৰৰ ইম্ফলৰ ইগংগ সিং (৩৫), ৰাই ৰৌশন সিং ওৰফে অ্জুন (৩৩), ৰজিকান্তা সিং (৩৩) আৰু থৌবাল জিলাৰ ৱাইখম টম্বা সিং বুলি চিনাক্ত কৰা হৈছে। আজি ধৃত চোৰ কেইটাক ডিফু আদালতত হাজিৰ কৰাৰ পূৰ্বে ডিফু চিকিৎসা মহাবিদ্যালয় কৰ’নাৰ বাবে স্বাৱ টেষ্ট কৰা হয়৷












