
ডিফু : এটা প্লাষ্টিক চকী! আৰু সেই চকীখন ভাঙি পেলোৱা বাবেই খড়গ হস্ত হৈ এক বন্ধুৱে প্ৰাণ ল’লে সতীৰ্থ বন্ধুৰ ৷ কাৰ্বি আংলং জিলাৰ বকলীয়াঘাটত যোৱানিশা সংঘটিত হোৱা এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। বকলীয়াঘাট নগৰ এলেকাৰ অধীনস্থ বাহনি আদৰ্শত নিজ বন্ধুৰ দাৰ ঘাপত প্ৰাণ হেৰুৱায় ৰঞ্জিত বৰা (২৪) নামৰ যুৱকজনে। ঘটনাৰ বিৱৰণ অনুসৰি কালি বিয়লি উক্ত স্থানৰে সঞ্জীৱ শইকীয়া ওৰফে পোহেশ্বৰ নামৰ যুৱকজনে ৰঞ্জিত বৰাৰ বাসগৃহত আন এগৰাকী যুবকৰ সৈতে কাজিয়াত লিপ্ত হোৱাৰ লগতে হত্যাৰ বলি হোৱা ৰঞ্জিত বৰাৰ ঘৰৰ এখন প্লাষ্টিকৰ চকী কোবাই ভাঙি পেলায় ।
এই বিষয়ে জানিব পাৰি নিশা প্ৰায় ১০.২০ বজাত ৰঞ্জিত বৰাই সঞ্জীৱ শইকীয়াৰ বাসগৃহত উপস্থিত হৈ প্ৰশ্ন কৰাত দুয়োৰে মাজত প্ৰথমে তৰ্কৰ সূত্ৰপাত ঘটে।
ইয়াৰ মাজতে সঞ্জীৱ শইকীয়াই এখন দাৰে ৰঞ্জিতৰ ডিঙিত উপৰ্যুপৰি আঘাত কৰাত ঠাইতে ঢলি পৰে আক্ৰমণৰ বলি হোৱা ৰঞ্জিত। পিছত যুৱকজনক তৎপৰতাৰে বকলীয়াঘাটৰ স্থানীয় চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে যুৱকজনক মৃত ঘোষণা কৰে। বকলীয়াঘাট আৰক্ষীয়ে নিশাই ঘাতক সঞ্জীৱ শইকীয়াৰ সন্ধানত অভিযান আৰম্ভ কৰিছে যদিও অদ্যাপি পলাতক অৱস্থাত আছে হত্যাকাৰী সঞ্জীৱ শইকীয়া।
এখন সামান্য চকীক কেন্দ্ৰ কৰি সংঘটিত হোৱা ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনাই সচেতন মহলকো স্তম্ভিত কৰি তুলিছে। এই সন্দৰ্ভত বকলীয়াঘাট থানাত ভাঃদঃবিঃ আইনৰ ৩০২ ধাৰাৰ অধীনত ২১/২০২০ নম্বৰত এক গোচৰ ৰুজো দি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷












