
ডিফু : বুধবাৰে বিয়লি ডিফু চহৰৰ মাজ মজিয়াৰ শান্তিপাৰাৰ এক ঘন জনবসতি এলেকাত এক ভয়াবহ অগ্নিকাণ্ড সংঘটিত হৈ প্ৰায় ৫০ টাতকৈও অধিক ঘৰ জ্বলি ভষ্মীভূত হয় ৷ প্ৰাপ্ত খবৰ অনুসৰি আজি বিয়লি ৪ মান বজাত ডিফু চহৰৰ ১ নং ৱাৰ্ডৰ শান্তিপাৰাত সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড ৷ ঘটনাৰ খবৰ লাভ কৰি ডিফু আৰক্ষীসহ অগ্নিনিৰ্বাপক বাহিনী তিনিখন গাড়ীসহ ঘটনাস্থলীত উপস্থিত হয় যদিও ঘটস্থাললীলৈ প্ৰৱেশ কৰা বাট অতিশয় ঠেক হোৱাৰ বাবে গাড়ী সোমাব সক্ষম নহ’ল ৷ উপায় নাপাই অগ্নিনিৰ্বাপক বাহিনীয়ে কাষেৰে বৈ যোৱা ডিফু নদীত মটৰ স্থাপন কৰি অগ্নি নিৰ্বাপিত কৰে ৷
স্থানীয় ৰাইজ, আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দীৰ্ঘ সময়ৰ প্ৰচেষ্টাত জুই অইন ঠাইলৈ বিয়পিব নোৱাৰিলে ৷ ভুক্তভোগীসকলৰ মতে বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ বাবে অগ্নিকাণ্ডটো সংঘটিত হৈছে ৷ অগ্নিৰ লেলিহান শিখাই এলেকাটো গ্ৰাস কৰাৰ ফলত কমেও ৫০ টাতকৈ অধিক ঘৰ জ্বলি ভষ্মিভূত হৈ প্ৰায় কেইবা লক্ষ্যাধিক টকাৰ সা-সম্পত্তি নষ্ট হৈ গৈছে ৷ প্ৰত্যক্ষদৰ্শীয়ে জনোৱা অনুসৰি ৪ জনকৈ লোক কম-বেছি পৰিমান আহত হৈছে ৷
ঘটনাস্থলীত জিলা উপায়ুক্ত জয়ধ্বজ সিনহা আৰু ১নং ৱাৰ্ডৰ ৱাৰ্ড কমিচনাৰ হাৰাধন ঘোষ উপস্থিত হৈ ক্ষয়- ক্ষতিৰ বুজ লয় লগতে ডিফু আৰক্ষীৰ শীৰ্ষ আৰক্ষী বিষয়া আৰু চিপাহীসকলে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে৷












