
নিউজ ডেস্ক :
ক’ৰোনা ৰোধত মাস্কৰ ব্যৱহাৰত সতৰ্কবাৰ্তা দিলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে৷ মাস্ক ব্যৱহাৰক লৈ ইমান দিনে থকা ভ্ৰান্ত ধাৰণা দূৰ কৰি ৰাজ্যবোৰলৈ স্বাস্থ্য মন্ত্ৰালয়ৰ তৰফৰ পৰা চিঠি দিছে ৷ কেন্দ্ৰৰ নতুন নিৰ্দশনা মতে ক’ৰোনা ৰোধত এন-৯৫ মাস্ক মুঠেই নিৰাপদ নহয় ৷ বৰং ঘৰতে তৈয়াৰ কৰা কাপোৰৰ মাস্ক তাতকৈ বহু বেছি নিৰাপদ ৷ বিশেষকৈ ভালভ যুক্ত এন-৯৫ মাস্ক উপকাৰতকৈ বিপদহে বেছি ৷ দেশত ক’ৰোনা ভাইৰাছ সংক্ৰমণ আৰম্ভ হোৱাৰ সময়ৰ পৰা এন-৯৫ মাস্কৰ চাহিদা বেছি আছিল৷ বহু সময়ত বেছি দাম দি গ্ৰাহকে কিনিছিল ৷
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ ডিৰেক্টৰ জেনেৰেল অব হেলথ ছাৰ্ভিছেজে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলবোৰৰ মুখ্য সচিবলৈ দিয়া চিঠিত লিখিছে যে ভালভ যুক্ত এন-৯৫ মাস্ক সাধাৰণ মানুহৰ বাবে অনুপযুক্ত ৷ ইয়াৰ পৰা ক্ষতি বেছি হৈছে ৷ সাধাৰণ মানুহে এই মাস্ক ব্যৱহাৰ নকৰিবলৈ কৈ দৃষ্টি দিবলৈ জনায় ৷













