![]()
বিশেষ প্ৰতিবেদন:
ভাতকেৰেলাত থাকে প্রচুৰ ভিটামিন, মিনাৰেল, ফাইবাৰ, কার্বোহাইড্রেট, এন্টিঅক্সিডেন্ট, লুটেইন, জেনান্থিন প্রভৃতি। যিবোৰ আমাৰ স্বাস্থ্যৰ বাবে বহু উপকাৰী।
বিশেষজ্ঞসকলৰ মতে, ভাতকেৰেলাত বিলাহিতকৈ ৭০ গুণ বেছি লাইকোপিন থাকে, গাজৰতকৈ ২০ গুণ বেছি বিটা কেৰটিন থাকে, কমলাতকৈ ৪০ গুণ বেছি ভিটামিন চি থাকে আৰু মাকৈতকৈ ৪০ গুণ বেছি জিয়াজেন্থিন থাকে।
সেয়ে আৰু পলম নকৰাকৈ আহক জানি লওঁ ভাতকেৰেলাৰ পুষ্টিগুণ সম্পর্কে।

১। কলেষ্টেৰল মাত্রা কমায়
যিসকলৰ কলেষ্টেৰলৰ মাত্রা বেছি বা যিসকলৰ উচ্চমাত্রাৰ কলেষ্টেৰল আছে তেওঁলোকে নিশ্চিন্তে ভাতকেৰেলা খাব পাৰে। ই উচ্চমাত্রাৰ কলেষ্টেৰলৰ মাত্রা কমোৱাত সহায় কৰে।
২। দৃষ্টিশক্তি উন্নতি ঘটায়
ভাতকেৰেলাই। চকুৰ স্বাস্থ্যৰ বাবে উপকাৰী ভিটামিন, বিটাকেৰটিন আৰু অন্যান্য উপাদান থাকে, যিয়ে দৃষ্টিশক্তিৰ উন্নতিত সহায় কৰাৰ উপৰি চকুৰ ছানি প্রতিৰোধতো সহায় কৰে।
৩। কেন্সাৰ প্রতিৰোধ কৰে
সাম্প্রতিক এক গৱেষণাত দেখা গৈছে, ভাতকেৰেলাৰ পুষ্টি উপাদানে কেন্সাৰ প্রতিৰোধত সহায় কৰে আৰু কেন্সাৰ কোষৰ সংখ্যা বৃদ্ধিক ধীৰ গতিৰ কৰিব পাৰে। ইয়াত নির্দিষ্ট এক প্রোটিন থাকে, যিয়ে কেন্সাৰ কোষৰ বৃদ্ধিক প্রতিহত কৰিব পাৰে। ইয়াৰ বাবেই ভাতকেৰেলাক ‘স্বর্গীয় ফল’ আখ্যা দিয়া হয়।
৪। যৌৱন ধৰি ৰাখে
কোষৰ কার্যক্রমক উদ্দীপিত কৰাৰ মাধ্যমেৰে আৰু স্ট্রেছ কমোৱাৰ মাধ্যমেৰে বয়স বৃদ্ধিৰ প্রক্রিয়াক ধীৰ গতিৰ কৰাত সহায় কৰে। ভাতকেৰেলাই কোলাজেনৰ গঠনক পুনর্নির্মাণৰ মাধ্যমেৰে বয়সৰ চাপ প্রতিৰোধতো ভূমিকা ৰাখে।
৫। এনিমিয়া প্রতিহত কৰে
ভাতকেৰেলাত প্রচুৰ আয়ৰন থকাৰ উপৰি ভিটামিন চি আৰু ফলিক এচিডও থাকে। এই কাৰণে নিয়মিত ইয়াক খালে এনিমিয়াৰ প্রতিহত কৰা সম্ভৱ হয়।
৬। বিষণ্ণতা প্রতিহত কৰে
ভাতকেৰেলাত ছেলেনিয়াম, মিনাৰেল আৰু ভিটামিন থাকে, যিয়ে নার্ভাছ ছিষ্টেমৰ ওপৰত গুৰুত্বপূর্ণ প্রভাৱ পেলায়। সেয়ে বিষণ্ণতাৰ বিৰুদ্ধে যুদ্ধ কৰাত সহায় কৰে ভাতকেৰেলাই।
৭। কার্ডিওভাস্কুলাৰ ডিজিজ প্রতিৰোধ কৰে
যিহেতু ভাতকেৰেলাত উচ্চমাত্রাৰ এন্টিঅক্সিডেন্ট থাকে সেয়ে ই কার্ডিওভাস্কুলাৰ ৰোগ প্রতিৰোধত সহায় কৰে। সক্রিয় জীৱন যাপনৰ উপৰি ভাতকেৰেলা খোৱাটো হৃদস্বাস্থ্যৰ বাবেও উপকাৰী।













