
ষ্টাফ ৰিপৰ্টাৰ
ডিফু : ডিফুত ইএনটি ডাক্তৰ এছ কে দাসৰ চিকিৎসাৰ অজুহাতত মহিলাক যৌন নিৰ্যাতন চলোৱা অভিযোগ মাৰ নৌযাওঁতে পুনৰ সদৰ চহৰখনত সংঘটিত হ’ল আন এক যৌন নিৰ্যাতনৰ ঘটনা ৷ এইবাৰ এটি নাবালিকা শিশু কন্যা যৌন আতিশাৰ্যৰ বলি হোৱাৰ কথা পোহৰলৈ আহিছে ৷ ভুক্তভোগী নাবালিকা শিশুগৰাকীৰ পিতৃয়ে দিয়া এজাহাৰৰ ভিত্তিত জিলাখনৰ বাহিৰৰ পৰা তেওঁৰ ছোৱালীক লিখা-পঢ়া কৰাবলৈ বুলি কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ সচিবালয়ৰ কৰ্মচাৰী তাৰাছিং (৪২)-এ যোৱা বছৰ তেওঁৰ নিজ ঘৰ ডিফুলৈ আনে ৷

এজাহাৰ মৰ্মে নাবালিকা ছোৱালীয়ে নিজ পিতৃৰ ওচৰত অভিযোগ কৰি কয় যে তাৰাছিং ৰংপিয়ে দীৰ্ঘ দিনৰ পৰা তাইক যৌন আতিশায্য চলাই আহিছে ৷ অভিযোগ অনুসৰি নাবালিকা ছোৱালীজনীক তাৰাছিং ৰংপীয়ে নিচাযুক্ত দ্ৰব্য সেৱণ কৰাই বিভিন্ন ধৰণে যৌন নিৰ্যাতন চলাই আহিছে ৷
ভুক্তভোগী নাবালিকা ছোৱালীজনীৰ এজাহাৰৰ ভিত্তিত ভাঃদঃবিঃআইনৰ ধাৰা ৩৭৬ আৰু R/W POCSO (6) মতে ১৩১/২০২০ নম্বৰত এক গোছৰ ৰুজো দিছে ৷ তাৰাছিঙ ৰংপীক আৰক্ষীয়ে সোধ-পোছ কৰি আছে ৷ শেহতীয়াকৈ আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে তাৰাছিং ৰংপিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ডিফু আদালতৰ জৰিয়তে জেল হাজোতলৈ প্ৰেৰণ কৰিছে৷












