![]()
বিশেষ প্ৰতিবেদন:
চীনাবাদাম খাবলৈ কাৰনো ভাল নালাগে। চিনেমা চাই চাই নতুবা বন্ধু মহলত আড্ডা মাৰি মাৰি চীনাবাদাম নাখাব, তেনে কথা হ’বই নোৱাৰে! চীনাবাদাম স্বাদতো ভাল। ইয়াত আছে অজস্র গুণ। চীনাবাদামে যেনেদৰে পেট বহু সময় ভৰাই ৰাখে, তেনেদৰে শৰীৰত অলপ পৰিমাণে যি ফেটৰ প্রয়োজন হয়, তাৰ বহুখিনিয়ে পূৰণ হয়। কিন্তু প্ৰতিদিনে কিয় আৰু কিমান পৰিমাণে চীনাবাদাম খাব পৰা যায়?

চীনাবাদামৰ সৈতে কিন্তু ডায়েবেটিছ, হৃদৰোগৰ এটা সম্পর্ক আছে। চীনাবাদামৰ ক্ষেত্রত কার্বোহাইড্রেটৰ পৰিমাণ কম হ’লেও প্রোটিন আৰু ফেটৰ পৰিমাণ যথেষ্ট। পুষ্টিবিদ সোমা চক্রৱর্তীয়ে কয়, “ইয়াত আছে প্রচুৰ পৰিমাণে মইগনেচিয়াম। ৰক্তচাপ নিয়ন্ত্রণত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে এই মৌলই। সেয়ে মইগনেচিয়ামৰ পৰিমাণ সঠিক থাকিলে ইনছুলিনৰ সঠিক কার্যকলাপ বজায় থাকে। ইয়াৰ উপৰি চীনাবাদামৰ ক্ষেত্রত প্রচুৰ পৰিমাণে ফাইবাৰ থাকে। আর্জিনিন আৰু হেলদি ফেটৰ সৈতে এই ফাইবাৰৰ উপস্থিতি কার্ডিওভাছকুলাৰ ডিজিজ ৰোগীসকলৰ ক্ষেত্রত অত্যন্ত জৰুৰী।”
ফাইবাৰযুক্ত খাদ্য খালে কোষ্ঠকাঠিন্যৰ সমস্যা কমে। আমেৰিকান জার্নাল অব নিউট্রিচনে কৈছে, ৰক্তচাপ আৰু বেয়া কলেষ্টেৰল (এলডিএল)ৰ পৰিমাণ কমে মাত্র ৩০ গ্রাম চীনাবাদাম খালেই। বেয়া কলেষ্টেৰলৰ পৰিমাণ কমি যোৱাত হার্টৰ ৰোগৰ আশঙ্কা কমে। এই বিষয়ে মেডিচিনৰ চিকিৎসক অৰিন্দম বিশ্বাসে কয়, “যিকোনো বাদামেই স্বাস্থ্যৰ পক্ষে ভাল। যিহেতু চীনাবাদামত ফেট আছে, সেয়ে নিয়ন্ত্রিত পৰিমাণে খাব লাগিব।”
আমেরৰিকাৰ নেচনেল পি-নাট বোর্ডৰ মতে, চীনাবাদামত প্রচুৰ পৰিমাণৰ মনো-ছেচুৰেটেড ফেটি এচিড থাকে, থাকে ওমেগা-৬ ফেটি এচিড। কিন্তু কোনো ধৰণৰ ট্রান্স ফেট নাথাকে। হার্ভার্ড হেল্থ লেটাৰে কয়, আর্টাৰি ক্লিয়াৰিং প্রছেছত অর্থাৎ ধমনী পৰিষ্কাৰৰ ভূমিকা আছে মনো-ছেছুৰেটেড ফেটি এচিডৰ। ইয়াৰ উপস্থিতিয়ে ৰক্ত সংবহন নিয়ন্ত্রণত ৰাখে। ফলত হার্ট এটাক কিম্বা স্ট্রোকৰো আশঙ্কা কম থাকে।
চীনাবাদামত থাকে প্রচুৰ পৰিমাণে ভিটামিন ই। ই ফেটত দ্রবীভূত এটি এন্টি-অক্সিডেন্ট। কোষক অক্সিডেটিভ ষ্ট্ৰেছ সংক্রান্ত ক্ষতিৰ পৰা ৰক্ষা কৰে। সেয়ে কেন্সাৰৰ সম্ভাৱনাও কমায়। বিপাকৰ হাৰ বঢ়াই ওজন নিয়ন্ত্রণত ৰখাতো সহায় কৰে চীনাবাদামে, কিন্তু এক নির্দিষ্ট পৰিমাণত। নেচনেল ইনস্টিটিউট অন ডায়েবেটিছ এণ্ড ডাইজেছটিভ এণ্ড কিডনি ডিজিজৰ বহু কেইটা গৱেষণাত প্রকাশ, গলব্লাডাৰৰ পাথৰৰ সমস্যাও ২৫ শতাংশ কমে দৈনিক অন্তত এটি কেঁচা চীনাবাদাম ভিজাই খালে।
চিনাবাদামত তামৰ উপস্থিতিৰ এটা জৰুৰী ভূমিকা আছে শৰীৰবৃত্তীয় কার্যকলাপৰ ক্ষেত্রত। উৎসেচক সৃষ্টিৰ অন্যতম উপাদান ই। শক্তি উৎপাদন আৰু প্রশমনত সহায় কৰে তামে। ইয়াৰ উপৰি স্নায়ুকোষ বা নিউৰণৰ মায়েলিন শিথ সৃষ্টিত প্রয়োজন তামৰ। এক্সন বৃদ্ধি কৰি স্নায়ু সংবহনৰ গতি বৃদ্ধিত সহায় কৰে তামে। অন্যহাতে, নেচনেল চেন্টাৰ ফত বায়টেকনোলজি ইনফৰমেছনে কৈছে, মস্তিষ্কৰ পুষ্টিতো অপৰিহার্য চীনাবাদাম। ৫২২টা অধ্যয়নৰ ক্ষেত্রত দেখা গৈছে, আলঝাইমাৰ আৰু ডিমেনচিয়াৰ ক্ষেত্রত চীনাবাদামত উপস্থিত নিয়াচিনৰ ভূমিকা আছে। কিন্তু ছাপ্লিমেন্টছ হিচাবে নহয়, প্রাকৃতিকভাবে চীনাবাদামৰ মাজত যিটো থাকে, গৱেষণাত ৬১৫৮ মানুহৰ ক্ষেত্রত ইয়াৰ ফল অত্যন্ত ইতিবাচক।

কিন্তু কিমান বাদাম খাব লাগিব?
আমেৰিকান হার্ট এছোচিয়েচনে কয়, ৬-৭ গ্রাম বাদাম সপ্তাহত চাৰিৰ পৰা পাঁচ দিন খাব পাৰে। কিন্তু কাৰো ক্ষেত্রত এলার্জিৰ সমস্যা থাকে। সেই ক্ষেত্রত চিকিৎসকৰ পৰামর্শ ল’ব লাগিব।
সতর্কতা
বাদাম ভালকৈ ধুই তাৰ পিছত ৮-১০ ঘণ্টা তাক ভিজাই ৰাখি সেই পানী পেলাই দি পুনৰ বাদাম ধুই তাৰ পিছত খাব লাগে। কাৰণ বহু সময়ত এছপাৰজিলাছ ফ্লাভাছ নামে এক ধৰণৰ ভেকুৰ থাকে বাদামত, যি ক্ষতিকাৰক।
কেনেদৰে খাব চীনাবাদাম?
পুষ্টিবিদ আৰু চিকিৎসকসকলৰ মতে, কেঁচা বাদাম বা ৰোষ্ট কৰি খোৱা বাদামৰ পৰা সম্পূর্ণ পুষ্টিগুণ পোৱা নাযায়। বজাৰত পোৱা পেকেটজাত বাদামতো অতিৰিক্ত নিমখৰ ভয় থাকি যায়। চিকিৎসকসকলৰ মতে, বাদাম খাওক পানীত ভিজাই। অন্তত ৮-১০ ঘণ্টা ভিজাই ৰাখিলে বাদামৰ সম্পূর্ণ পুষ্টিগুণ লাভ কৰে শৰীৰে।













