![]()
বিশেষ প্ৰতিবেদন:
ৰক্তত কলেষ্টেৰলৰ মাত্রা বাঢ়ি গ’লে হৃদৰোগ, উচ্চ ৰক্তচাপ, স্ট্রোক আৰু ধমনী সংক্রান্ত ৰোগৰ সম্ভাৱনা বাঢ়ে। এই কাৰণে ইয়াক নিয়ন্ত্রণত ৰখা খুবেই জৰুৰী।সাধাৰণতে ৰক্ত পৰীক্ষাৰ মাধ্যমেৰে জনা যাব কাৰোবাৰ উচ্চ কলষ্টেৰল আছেনে নাই। তাৰ উপৰি কোনো কোনোৰ ক্ষেত্রত উচ্চ কলেষ্টেৰল থাকিলে কিছু লক্ষণ প্রকাশ পায়। যেনে-

১. কেৱল জণ্ডিছতে নহয় উচ্চ কলেষ্টেৰল থাকিলে চকুৰ তলত হালধীয়া ধৰণৰ দেখা দিয়ে। ইয়াৰ ফলত দেখাত কোনো সমস্যা নহয়। কিন্তু দীর্ঘদিন চকুত এনেকুৱা থাকিলে চিকিৎসকৰ শৰাণাপন্ন হোৱা উচিত।
২. কর্ণিয়াৰ চাৰিওপাশে ধূসৰ দাগ পৰাইও উচ্চ কলেষ্টেৰলৰ লক্ষণ প্রকাশ কৰে।
৩. ৰক্তত কলেষ্টেৰলৰ মাত্রা বাঢ়ি গ’লে বহু সময়ত ৰক্তনলী বন্ধ হৈ যায়। তেতিয়া মস্তিষ্কত ৰক্ত চলাচল বাধাগ্রস্ত হয়। ইয়াৰ ফলত মূৰৰ পিছফালে বিষ হয়। এনেকুৱা হ’লে কান্ধতো বিষ আৰু অস্বস্তিকৰ অনুভূতি হ’ব পাৰে।
৪. বেছিভাগ ক্ষেত্রতেই হৃৎস্পন্দন বাঢ়ি যোৱা ক্ষতিকৰ নহয়। শাৰীৰিক পৰিশ্রম, ব্যায়াম কিম্বা বহু সময়ত টেনছনৰ কাৰণেও এনে হয়। কিন্তু কেতিয়াবা কেতিয়াবা শৰীৰত কলেষ্টেৰলৰ মাত্রা বাঢ়ি গ’লেও অনিয়মিত হৃৎস্পন্দন হ’ব পাৰে, যিটো খুবেই চিন্তনীয়।
৫. আপুনি যদি অতিৰিক্ত ফেটি খাদ্য খায় আৰু ফলমূল আৰু শাক-পাচলি নাখায় তেনেহ’লে যিকোনো সময়ত শৰীৰত কলেষ্টেৰলৰ মাত্রা বাঢ়ি যাব পাৰে। ইয়াৰ উপৰি নিয়মিত ধূমপান, এলকহল সেৱনৰ কাৰণেও শৰীৰত কলেষ্টেৰলৰ মাত্রা বৃদ্ধিৰ আশঙ্কা থাকে।













