নিউজ ডেক্স:
![]()
অমিতাভ বচ্চনৰ পিছতে ক’ৰোণাত আক্ৰান্ত হৈছে পুত্ৰ অভিষেক বচ্চনো। এই কথা নিজেই টুইটাৰযোগে প্ৰকাশ কৰিছে জনপ্ৰিয় অভিনেতাগৰাকীয়ে। ইতিমধ্যে অভিনেতাজনক ভৰ্তি কৰোৱা হৈছে হাস্পতালত।
টুইটাৰযোগে নিজৰ ক’ৰোণা টেষ্টৰ ফলাফল পজিটিভ অহাৰ কথা সদৰি কৰে মেগাষ্টাৰ অমিতাভ বচ্চনেও। মুম্বাইৰ নানাৱতী হাস্পতালত ভৰ্তি কৰোৱা হয় অমিতাভ বচ্চনক।
তাৰ পিছতে অভিষেক বচ্চনসহ পৰিয়ালৰ আটাইৰে কোভিড টেষ্ট কৰা হয়। অভিষেক বচ্চনৰ ৰিপ’ৰ্ট নিজৰ কোভিড পজিটিভৰ খবৰ প্ৰকাশ কৰি টুইটাৰত মেগাষ্টাৰ অমিতাভ বচ্চনে লিখিছে – ‘মোৰ ক’ৰোণা পজিটিভ আহিছে, হাস্পতালত ভৰ্তি কৰোৱা হৈছে। বিগত ১০ দিনত মোৰ সংস্পৰ্শলৈ অহা সকলোকে অনুৰোধ, সকলোৱে নিজৰ পৰীক্ষা কৰাওক।ইতিমধ্যে বচ্চন পৰিয়ালৰ সকলো সদস্যৰ লগতে সকলো ষ্টাফৰ টেষ্ট কৰোৱা হৈছে।
উল্লেখ্য যে ইতিমধ্যে অমিতাভ–অভিষেকৰ বাদে পৰিয়ালৰ আন সদস্যসকলৰ ক’ৰোণা টেষ্টৰ ফলাফল আহিছে নিগেটিভ। ঐশ্বৰ্য ৰায় বচ্চন, আৰাধ্যা বচ্চন আৰু জয়া বচ্চনৰ কোৰোণা ভাইৰাছ এণ্টিজেন টেষ্টৰ ৰিপ’ৰ্ট নিগেটিভ আহিছে বুলি বিশেষ সূত্ৰত প্ৰকাশ পাইছে ।











