![]()
বিশেষ প্ৰতিবেদন:
নিয়ম মানি খোৱা-লোৱা কৰাৰ উপৰি কেইবিধমান বিশেষ খাদ্য খলে হাওঁফাওঁৰ ৰোগ প্রতিৰোধ ক্ষমতা বাঢ়ে বুলি জনাইছে বিজ্ঞানীসকলে। বিশেষকৈ যাৰ হাওঁফাওঁ কিছু কমজোৰ। যেনে-
পিয়াঁজ আৰু নহৰু :

প্রদাহৰ প্রবণতা কমায়। সংক্রমণৰ বিৰুদ্ধে যুঁজ কৰাৰ শক্তি যোগায়। ‘জার্নাল অব কেন্সাৰ এপিডেমিঅলজি’ আৰু ‘বায়’মার্কাৰছ এণ্ড প্রিভেনছন’ত প্রকাশিত প্রবন্ধত বিজ্ঞানীসকলে জনাইছে, যিসকল ধূমপায়ী তেওঁলোকে কেঁচা নহৰু খালে হাওঁফাওঁৰ বিভিন্ন অসুখত ভোগাৰ আশঙ্কা প্রায় ৪০ শতাংশ কমি যায়।
আদা :

প্রদাহ কমায়। অলপকৈ করে আদা কাটি নিয়মিত খালে হাওঁফাওঁৰ স্বাস্থ্য ভালে থাকে।
জলকীয়া :

কেঁচা জলকীয়া খালে ৰক্ত সঞ্চালন ভাল হয়। সংক্রমণৰ আশঙ্কা কমে।
হালধি :

হালধিয়ে কাৰকিউমিন প্রদাহ কমায়। বেঙ্গালুৰুত ৭৭ জন হাঁপানি আৰু চিঅপিডি ৰোগীক ৩০ দিন ধৰি কাৰকিউমিন কেপছুল খাবলৈ দি বিজ্ঞানীসকলে দেখিছে, তেওঁলোকৰ কষ্ট বহুখিনি কমি গৈছে।
ফল আৰু পাচলি :

আপেল, মধুৰিআম, তিয়ঁহ, এইবোৰ ফল হাওঁফাওঁৰ যত্নৰ বাবে খুবেই ভাল। আপেল আৰু গোল নেমুৰ ফ্লেভেনয়েড আৰু ভিটামিন চিয়ে নিশ্চিতভাবে কার্যকাৰিতা বঢ়ায় হাওঁফাওঁৰ। গাজৰ, কোমোৰা আদিত থাকে এন্টিঅক্সিডেন্ট আৰু ভিটামিন চি। সমগ্ৰ শৰীৰৰ উপৰি হাওঁফাওঁৰ ৰোগ প্রতিৰোধ ক্ষমতা বঢ়ায় এই শাক-পাচলিয়ে। সেয়ে এইবোৰো ৰাখিব পাৰে খোৱা পাতত।
বিভিন্ন ধৰণৰ বিন আৰু বীজ :

এইবোৰ খাদ্যৰ অন্যান্য উপকাৰৰ উপৰি আছে প্রচুৰ মেগনেচিয়াম। হাওঁফাওঁৰ কার্যকাৰিতা বৃদ্ধিত ইয়াৰ প্রভূত ভূমিকা আছে। তিচিৰ বীজত আছে ভিটামিন ই, বৃদ্ধি কৰে ৰোগ প্রতিৰোধ ক্ষমতা। আখৰোটৰ ওমেগা থ্রিয়ে কার্যকাৰিতা বঢ়ায় হাওঁফাওঁৰ।













