বিশেষ প্ৰতিবেদন:
ৰোগ প্রতিৰোধ ব্যৱস্থাৰ অন্যতম অঙ্গ হাওঁফাওঁ। শ্বাসৰ সৈতে যিবোৰ দূষিত পদার্থ শৰীৰত প্রবেশ কৰে সেইবোৰ উলিয়াই বাহিৰ কৰি দি শৰীৰকে সুস্থ ৰখাৰ চেষ্টা কৰে। স্বাভাবিকভাবেই হাওঁফাওঁৰ কার্যকৰিতা কমি গ’লে সেই কামত ব্যাঘাত ঘটে। তাৰ উপৰি বৰ্তমান ক’ৰোনা ভাইৰাছে কাল ৰূপ ধাৰণ কৰিছে। ইয়াৰ প্রধান লক্ষ্য হাওঁফাওঁ আক্রমণ। সেয়ে যিকোনো মূল্যত তাক সুস্থ কৰি ৰখা দৰকাৰ।
হাওঁফাওঁক সুস্থ ৰখাৰ বিষয়ত খাদ্যৰ এক ডাঙৰ ভূমিকা আছে। বিশেষকৈ যিসকলৰ হাঁপানি-চিঅপিডি জাতীয় শ্বাসৰ অসুখ আছে, তেওঁলোকৰ ক্ষেত্রত এই সময়ত হাওঁফাওঁৰ যত্নৰ কথা মূৰত ৰাখিয়েই খাদ্যৰ প্লেট সজাব লাগিব।
কি খাব?
আমেৰিকান লাং এ এছোচিয়েছন’ৰ উদ্ধৃতি দি ভাৰতীয় সংবাদ মাধ্যম আনন্দবাজাৰ পত্রিকাই জনাইছে, চিঅপিডি জাতীয় অসুখ যিসকলৰ আছে, তেওঁলোকে কার্বোহাইড্রেট জাতীয় খাদ্যত প্ৰতিবন্ধক লগাই স্বাস্থ্যকৰ ফেট খাব লাগিব বেছি।
কাৰণ বিজ্ঞানীসকলে লক্ষ্য কৰিছে, কার্বোহাইড্রেটত পৰিপাকৰ সময়ত বেছি কার্বন ডাই অক্সাইড সৃষ্টি হয়। আৰু উপকাৰী ফেটত পৰিপাকৰ সময়ত সেয়া কম পৰিমাণে সৃষ্টি হয়। সেয়ে হাঁপানি বা চিঅপিডিৰ ৰোগীয়ে কাঁহী ভৰাই ভাত-ৰুটি-আলু-পাস্তা-নুডলছ ইত্যাদি খাবলৈ আৰম্ভ কৰিলে কষ্ট বাঢ়িব পাৰে।
কার্বোহাইড্রেট কম মানে কিমান কম? পুষ্টিবিদ বিজয়া আগৰৱালে জনায়, ‘কার্বোহাইড্রেট সুষম খাদ্যৰ অঙ্গ। সেয়ে তাক একেবাৰে বাদ দিব পৰা নাযায়। বৰং কার্বোহাইড্রেটৰ ধৰণটো সলনি কৰি দিয়ক। সৰল কার্বোহাইড্রেটৰ সলনি খাওক কমপ্লেক্স কার্বোহাইড্রেট। কম স্টার্চ থকা শাক-পাচলি বেছিকৈ খাওক।
আলু-পটল-কোমোৰা-গাজৰ ইত্যাদি খাওক। ময়দাৰ সলনি খাওক আটাৰ ৰুটি, বগা ভাতৰ সলনি ব্রাউন ৰাইচ, বার্লি ইত্যাদি। ইয়াত হাওঁফাওঁৰ ক্ষতি যিমান কম হ’ব, ওজন আৰু ডায়েবেটিছ বেছি থাকিলে, তাৰো উপকাৰ হ’ব।’
পটাচিয়ামসমৃদ্ধ খাদ্য হাওঁফাওঁৰ বাবে ভাল। সেয়ে, সেউজীয়া শাক, বিলাহী, বিট, আলু, কল খাওক নিয়মিত। প্রোটিন অলপ বেছিকৈ খাওক যেনে মাছ, মাংস, কণী, গাখীৰ, দৈ, দাইল, ৰাজমাহ ইত্যাদি।
পুষ্টিবিদসকলৰ মতে, ব্ৰইলাৰ মাংস, কণী বা চালানি মাছৰ সলনি দেশী মুৰ্গী আৰু নদী-পুখুৰী-সমুদ্রৰ মাছ খোৱা উচিত। কিন্তু এতিয়া এই লকডাউনৰ মাজত সেইবোৰ সকলো নাপালেও অন্তত টাটকা মাছ-মাংস যি পাব তাকে খাওক। অস্বাস্থ্যকৰ ফেট— যেনে, সকলো ধৰণৰ ভাজা-পোৰা, পেকেটৰ যিকোনো খাদ্য, প্রছেছ কৰা মাংস যথাসম্ভৱ কম খাওক। স্বাস্থ্যত ফেট খাওক পর্যাপ্ত।
হাওঁফাওঁৰ স্বাস্থ্য তথা সম্পূৰ্ণ ৰোগ প্রতিৰোধ ক্ষমতা ঠিক ৰাখিবলৈ দিনে ২-৩ লিটাৰ পানী অৱশ্যেই খাব লাগিব। ইয়াৰ ফলত ৰক্তৰ ঘনত্ব ঠিক-,ঠাক থাকে কাৰণে সমগ্ৰ শৰীৰৰ সৈতে হাওঁফাওঁৰতো ৰক্ত সঞ্চালন ভাল হয়। হাওঁফাওঁৰ শ্লেষ্মা পাতল হৈ থাকে। ফলত বতাহৰ বিষ, জীবাণু হাঁচি-কাহৰ মাধ্যমেৰে বাহিৰ কৰি দিয়াত সুবিধা হয়।