বিশেষ প্ৰতিবেদন:
দেহৰ সকলো অংশতে অক্সিজেন আৰু সকলো ধৰণৰ পুষ্টি উপাদান বোৱাই নিয়ে ৰক্তই।দেহত ৰক্তৰ কোনো উপাদান কম থাকিলে সুস্থভাবে বাচি থকা সম্ভৱ নহয়। ৰক্তত আছে লোহিত ৰক্ত কণিকা, শ্বেত ৰক্ত কণিকা আৰু প্লেটলেট। লোহিত ৰক্ত কোষত আছে বিশেষ কিছু আয়ৰন যৌগ, চিকিৎসা বিজ্ঞানৰ ভাষাত যাক কোৱা হয় হিমগ্লোবিন।
হিমগ্লোবিনৰ প্রধান কাম হ’ল হৃদপিণ্ডৰ পৰা দেহৰ সকলো অঙ্গত অক্সিজেন সৰবৰাহ কৰা। হিমগ্লোবিনে দেহকোষৰ পৰা কার্বন-ডাই-অক্সাই সংগ্রহ কৰে আৰু তাক পুনৰায় হাওঁফাওঁলৈ পঠাই দিয়ে যাতে তাক নিঃশ্বাসৰ সৈতে দেহৰ পৰা বাহিৰ কৰি দিব যাব পাৰি।
গতিকে ৰক্তত হিমগ্লোবিন কমি গ’লে দেহ অক্সিজেনৰ অভাৱত দুর্বল হৈ পৰে। ইয়াৰ ফলত ৰক্তহীনতাৰ দৰে ৰোগ হয়। আৰু ইয়াৰ পৰা বাচাৰ উপায় হ’ল হিমগ্লোবিনৰ পৰিমাণ বৃদ্ধি কৰা খাদ্য খোৱা। এনে ১০বিধ খাদ্যৰ তালিকা ইয়াত দিয়া হ’ল যিবোৰ নিয়মিত খালে তেজত হিমগ্লোবিনৰ পৰিমাণ বাঢ়িব।
১. ডার্ক চকলেট
শিশুসকলৰ প্রিয় খাদ্য ডার্ক চকলেটত থাকে প্রচুৰ পৰিমাণে আয়ৰন। আৰু এই কাৰণেই আনকি ডাক্তৰেও ডার্ক চকলেট খোৱাৰ কথা কয়।
২. মাংস
ৰক্তত হিমগ্লোবিনৰ পৰিমাণ দ্রুত বৃদ্ধিত প্রয়োজন পর্যাপ্ত প্রাণিজ প্রোটিন। সকলো ধৰণৰ ৰঙা মাংস; যেনে গো মাংস, ছাগলীৰ মাংস আৰু কলিজা আয়ৰনৰ সকলোতকৈ ভাল উৎসসমূহৰ এটি। আয়ৰন হিমগ্লোবিন উৎপাদনৰ বাবে জৰুৰী। কুকুৰাৰ মাংস লাল মাংস নহ’লেও সিও দেহক বিশাল পৰিমাণত আয়ৰন সৰবৰাহ কৰিব পাৰে।
৩. ফল
সকলো ধৰণৰ ৰসাল ছাইট্রাছ ফল, যেনে আম, নেমু আৰু কমলা ভিটামিন চিৰ সকলোতকৈ ভাল উৎস। আৰু দেহত আয়ৰন দ্রুত শোষণৰ বাবে ভিটামিন চি সকলোতকৈ জৰুৰী। ইয়াৰ ফলত হিমগ্লোবিন উৎপাদনৰ গতিও বাঢ়ে। স্ট্রবেৰী, আপেল, তৰমুজ আৰু বেদানাতো প্রচুৰ পৰিমাণে আয়ৰন আছে।
৪. সামুদ্রিক খাদ্য
সামুদ্রিক খাদ্যত আয়ৰন আৰু অন্যান্য খনিজ পুষ্টি উপাদান আছে প্রচুৰ পৰিমাণে। গতিকে এনিমিয়া বা ৰক্তহীনতাৰ ৰোগীসকলে প্রতিদিনৰ খাদ্য তালিকাত অয়েস্টাৰ, ক্লামছ আৰু অন্যান্য স্বাস্থ্যকৰ সামুদ্রিক খাদ্য ৰাখিব লাগিব।
৫. পূর্ণ শস্যজাতীয় খাদ্য
চাউল, গম, বার্লি আৰু ওটছ ৰক্তহীনতাত আক্রান্ত ৰোগীসকলৰ বাবে চমৎকাৰ আয়ৰন সমৃদ্ধ খাদ্য। এইবোৰ খাদ্যই প্রয়োজনীয় কার্বোহাইড্রেটছ সৰবৰাহ কৰে। ৰঙা চাউল বিশেষকৈ সকলো বয়সৰ বাবেই আয়ৰনৰ এটি সমৃদ্ধ উৎস বুলি গণ্য হয়।
৬. ছয়াবিন আৰু বিনজাতীয় খাদ্যত প্রচুৰ পৰিমাণে আয়ৰন থাকে। ছয়াবিন বর্তমান নিৰামিষভোজীসকলৰ জনপ্রিয় এক খাদ্য। ইয়াৰ পৰা সুস্বাদু চুপ তৈয়াৰ হয় আৰু ৰক্তত হিমগ্লোবিনৰ পৰিমাণ দ্রুতগতিত বৃদ্ধি কৰে।
৭. পাচলি
প্রতিদিনে সতেজ পাচলি খালে আয়ৰন আৰু অন্যান্য খনিজ পুষ্টি আৰু নানা ধৰণৰ ভিটামিনৰ ঘাটি পূৰণ হ’ব। আলু, ব্রকলি, বিলাহী, কোমোৰা আদি আয়ৰনৰ অভাৱ পূৰণত সক্ষম।
৮. কণী
কণী হ’ল আৰু এক জনপ্রিয় খাদ্য য’ত আছে উচ্চমাত্রাৰ আয়ৰন এবং অন্যান্য পুষ্টি উপাদান। কণীৰ হালধীয়া কুহুমত আছে প্রচুৰ পৰিমাণে খনিজ পুষ্টি আৰু ভিটামিন। আৰু এই কাৰণেই দুর্বল লোকসকলক প্রতিদিনে সিদ্ধ কণী খাবলৈ দিয়া হয়।
৯. শুকান ফল
কিছমিছ, আখৰোট, খেজুৰ আদিত আছে প্রচুৰ আয়ৰন, ভিটামিন আৰু ফাইবাৰ। এইবোৰ খাদ্য খালে ৰক্তৰ হিমগ্লোবিনৰ মাত্রা দ্রুতগতিত বাঢ়ে।
১০. বাদাম
যিকোনো ধৰণৰ বাদামেই মানৱ দেহৰ বাব উপকাৰী বুলি বিবেচনা কৰা হয়। সেই কাৰণে যুৱক-যুৱতীসকলে কাজু বাদাম, হিজলি বাদাম, চীনা বাদাম এবং আখৰোট খালে ৰক্তত হিমগ্লোবিনৰ পৰিমাণ বাঢ়ে দ্রুতগতিত।
এই সকলো খাদ্যই দেহত আয়ৰনৰ অভাৱ পূৰণ কৰি ৰক্তত হিমগ্লোবিনৰ পৰিমাণ দ্রুতগতিত বঢ়ায়। গতিকে নিয়মিতভাবে এই খাদ্যসমূহ খাই দেহত ৰক্তৰ পৰিমাণ, জীৱনী শক্তি আৰু ৰোগ প্রতিৰোধ ক্ষমতা বঢ়াই থাকক।