নিউজ ডেস্কঃ
আমাৰ শৰীৰৰ নানা বর্জিত পদার্থ, অব্যবহৃত খাদ্য আৰু বৰ্দ্ধিত পানী নিষ্কাশনত সহায়ক হয় কিডনি। দেহৰ নানা বর্জিত পদার্থৰ ক্ষতিকৰ টক্সিনৰ পৰা আমাৰ শৰীৰক মুক্ত ৰখাৰ বাবে কিডনি বহু গুৰুত্বপূর্ণ ভূমিকা পালন কৰে৷ আৰু এইকাৰণেই আমাৰ দেহৰ সুস্থতাৰ বাবে কিডনিৰ সুস্থতা বহু বেছি জৰুৰী ।
কিন্তু আমি বেছিভাগ সময়েই কিডনিৰ ফালে ভালদৰে চকু দিবলৈ পাহৰি যাওঁ । আৰু কেৱল এই কাৰণে প্রতিবছৰ বহু মানুহ কিডনিৰ সমস্যাত পৰিবলগীয়া হয় ৷আৰু কিডনিৰ সমস্যাত মৃত্যুৰ হাৰ অধিক ৷কিডনিৰ প্রতি আমি ঠিকমতে চকু নিদি কিডনিৰ ৰোগত আক্রান্তৰ বাবে দায়ী আমি নিজেই। প্রতিদিন আমি এনে কিছু অনিয়ম কৰি গৈছো যে ইয়াৰ প্রভাব প্ৰত্যক্ষভাবে আমাৰ কিডনি ওপৰত পৰে । কিন্তু আমাৰ নিজৰ ভালৰ বাবেই আমাৰ সতর্ক হোৱী প্রয়োজন।
#আহক তেনেহলে কিডনিৰ ক্ষতিৰ বাবে দায়ী অনিয়মবিলাক জানি লও আৰু সতর্কতাৰ সৈতে এই অনিয়মবোৰ এৰাই চলাৰ চেষ্টা কৰো#
মদ্যপান কৰা :
মদ্যপান কিডনিৰ বাবে আটাইতকৈ বেছি ক্ষতিকাৰক । এলকহলক কিডনিয়ে আমাৰ দেহৰ পৰা সঠিক নিয়মত নিস্কাশন কৰিব নোৱাৰে । ফলত ই কিডনিৰ ভিতৰত থাকি কিডনিৰ কার্যক্ষমতা কমাই দিয়ে কিডনি নষ্ট কৰি দিয়ে। অতিৰিক্ত মদ্যপানৰ কাৰণে লিভাৰ ছিৰছিছৰ দৰে বহুতে মাৰাত্মক ৰোগত আক্তান্ত হয় । এই ৰোগত মৃত্যুৰ হাৰ বহ বেছি । সেয়ে মদ্যপানৰ পৰা দূৰত থাকক।
পর্যাপ্ত পানী নোখোৱা :
কিডনিৰ সুৰক্ষাৰ বাবে আটাইতকৈ গুৰুত্বপূর্ণ হৈছে পানী। আমি বহুতেই পর্যাপ্ত পৰিমানে পানী নাখাওঁ । এইবাবে ক্ষতি হয় কিডনিৰ। ঘৰৰ পৰা বাহিৰলৈ ওলালেই বহুতৰ পানীৰ কথা মনত নপৰে । কিন্তু এইবাবে কিডনিৰ ওপৰত বহু বেছি পৰিমাণে চাপ পৰে আৰু কিডনি তাৰ সাধাৰণ কর্মক্ষমতা হেৰাই পেলায় । একজন পূর্ণবয়স্ক মানুহৰ দিনত ৬-৮ গিলাছ পানী খোৱা অত্যন্ত জৰুৰী । সেয়ে লগত সদায় পানীৰ বটল ৰাখক ৷
অতিৰিক্ত নিমখ খোৱা:
বহুতৰে বৰ্দ্ধিত নিমখ বেয়া অভ্যাস আছে । খাবলৈ বহি প্লেটত পৃথক নিমখলৈ খায় বহুতেই ৷ কিন্তু এই অনিয়মটোৰ কাৰণে বহু বেছি ক্ষতি হৈছে কিডনিৰ। কিডনি অতিৰিক্ত ছ’ডিয়াম আমাৰ দেহৰ পৰা নিষ্কাশন কৰিব নোৱাৰে ৷ ফলত বৰ্দ্ধিত নিমখৰ ছ’ডিয়াম খিনি কিডনিতেই থাকি যায় । আৰু ক্ষতিগ্রস্থ হয় কিডনি। আনকি কিডনি ডেমেজ হোৱাৰ সম্ভাবনাও থাকে।
অধিক মাংস খোৱা:
বহুতৰে এটি বেয়া অভ্যাস আছে ৷ মাংস খোৱাৰ প্ৰতি আসক্তি ৷ বহুতেই শাক- পাচলি আৰু মাছৰ সোৱাদক ত্যাগ কৰি মাত্ৰ মাংসৰ ওপৰত নির্ভৰশীল হয় । এই অনিয়ম কিডনিৰ বাবে মাৰাত্মক ক্ষতিকাৰক। কিডনিৰ সুৰক্ষাৰ বাবে মাছ আৰু শাক পাচলি বহু বেছি জৰুৰী ৷ অতিিৰক্ত মাংস খােৱা কিডনিৰ কার্যক্ষমতা কমাই দিয়ে । সেয়ে এনে খাদ্যাভ্যাস ঠিক কৰক।
অতিৰিক্ত বিষ নাশক দৰৱ খোৱা:
বহুতে সামান্য দুখ পালেই বিষনাশক দৰৱ খায় । বিশেষকৈ মূৰৰ বিষত বহুতেই এই কাৰ্য কৰে৷ কিন্তু এইটো কিডনিৰ বাবে মাৰাত্মক ক্ষতিকাৰক এটা কাম। অতিৰিক্ত মাত্রাত এই ধৰণৰ বিষনাশক দৰৱ কিডনিৰ কোষসমূহৰ মাৰাত্মক ক্ষতি কৰে । ফলত সম্পূৰ্ণ ডেমেজ হৈ যায় কিডনি। সেয়ে ডাক্তৰৰ পৰামর্শ নোহোৱাকৈ ভুলতো কোনো বিষনাশক দৰৱ নাখাব ।
প্ৰস্রাব আৱদ্ধ কৰি ৰখা :
ঘৰৰ বাহিৰলৈ ওলালে বহুতেই এই কাম কৰে । ধৰি লওক ক্ষন্তেক সময় প্ৰস্ৰাৱ আৱদ্ধ কৰি ৰাখিলে একো নহয় ৷ আপাত দৃষ্টিত ইয়াৰ ক্ষতিৰ মাত্রা ধৰা নপৰিলেও ইয়ে কিডনিক নষ্ট কৰি দিয়ে খুব দ্রুত ভাবে ৷ প্ৰস্রাব আৱদ্ধ কৰি ৰাখিলে কিডনিৰ ওপৰত বহু বেছি চাপ পৰে আৰু কিডনি সাধাৰণ কর্মক্ষমতা হেৰাই পেলায়৷ সেয়ে ভুলতো এই কাম নকৰিব ৷ ঘৰলৈ ওভতি যোৱাৰ বাবে অপেক্ষা নকৰি বেলেগ উপায় খুঁজি ওলাওক এনে কৰিলে কিডনি সুস্থ থাকিব ৷