![]()
ডিফু: ভয়ঙ্কৰ গণ সংক্ৰমনৰ দিশে অগ্ৰসৰ হৈছে পাহাৰীয়া জিলা কাৰবি আংলং ৷ দেওবাৰে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ চিকিৎসা বিভাগৰ কাৰ্যবাহী সদস্য খনছিং ৰংপি ক’ভিড ১৯ পজিটিভ পোৱাৰ পিছত আজি পুণৰ পৰিষদৰ কৃষি বিভাগৰ অতিৰিক্ত সঞ্চালক ৰামচিং হাঞ্চেৰ ক’ভিড ফলাফল পজিটিভ ওলোৱাত তেওক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় ৷
খনছিং ৰংপিক ক’ৰোনাক্ৰান্ত হোৱাৰ পিছতেই তেওঁৰ সংস্পৰ্ষলৈ অহা কাৰবি স্বায়ত্তশাসিত পৰিষদৰ ইএম, এমএচি, সচিব আৰু বিষয়া কৰ্মী সকলৰ স্বাৱ সমূহ টেষ্টৰ বাবে সংগ্ৰহ কৰা হৈ আছে ৷
সেই অনুসৰি আজি সন্ধিয়াৰ ভাগত ডিফু চিকিৎসা মহাবিদ্যালয়ৰ পৰা ওলোৱা ফলাফলত পৰিষদ খনৰ ইএম দ্বয় অমৰছিং তিচ’ ৰূপছিং টেৰণ, এমএচি ৰামছ্ং তিমুঙ লগতে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ পত্নী কাছে টেৰণপী আৰু পুত্ৰ চেংকান ৰংহাঙৰ ক’ভিড ১৯ৰ ফলাফল পজিটিভ আহিছে যদিও মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ ক’ভিডৰ ফলাফল নেগেটিভ ওলাইছে ৷ এই হাৰত কাৰবি আংলঙত কৰ’নাত আক্ৰান্তৰ সংখ্যা বাঢ়ি থাকিলে জিলাখন ভয়ঙ্কৰ গণ সংক্ৰমনৰ দিশে যে অগ্ৰসৰ হৈছে সেয়া নিশ্চিত হৈ পৰিছে ৷













