ASSAM TIMES POST
বিশেষ প্ৰতিবেদন:
ক’ৰোনা ভাইৰাছৰ সংক্রমণ এৰাবলৈ নিয়মিত মাস্ক পিন্ধাটো বহুতেই প্রায় অভ্যাসত পৰিণত কৰিছে। কিন্তু বিশেষ কিছু ক্ষেত্রত মাস্ক পিন্ধি থকাটো স্বাস্থ্যৰ পক্ষে বেছি বিপজ্জনক হ’ব পাৰে!
কেতিয়া মাস্ক পিন্ধাটো স্বাস্থ্যৰ পক্ষে বিপজ্জনক?
ক’ৰোনা ভাইৰাছৰ সংক্রমণ এৰাবলৈ মাস্ক পিন্ধাটো যিমান জৰুৰী, তেনেদৰে কিছু কিছু ক্ষেত্রত মাস্কৰ ব্যৱহাৰ বিপজ্জনক হ’ব পাৰে বুলি জনাইছে বিশ্ব স্বাস্থ্য সংস্থাই।বিশ্ব স্বাস্থ্য সংস্থাই জনাইছে, মাস্ক পিন্ধি শৰীৰ চর্চা, প্রাতঃভ্রমণ বা জগিং কৰিলে শৰীৰত অক্সিজেন কমি গৈ ওলোটাই সেয়া স্বাস্থ্যৰ পক্ষে বিপজ্জনক হ’ব পাৰে!
সেয়ে এই সময়ত মাস্ক নিপিন্ধাই শ্রেয়।অতি গধুৰ ধৰণৰ কাম, য’ত অতি বেছি দৈহিক পৰিশ্রম হয়, তেনেকুৱা কামৰ সময়ত মাস্ক পিন্ধি থাকিলে শৰীৰত প্রয়োজনীয় অক্সিজেনৰ ঘাটি দেখা দিয়ে। মস্তিষ্কত ৰক্ত সঞ্চালনৰ স্বাভাবিক ছন্দ বিঘ্নিত হ’ব পাৰে। দেখা দিব পাৰে একাধিক আকস্মিক স্বাস্থ্য সমস্যা। সেয়ে খুব বেছি দৈহিক পৰিশ্রম হয়, এনে কামৰ সময়ত মাস্ক নিপিন্ধাৰ পৰামর্শ দিয়া হৈছে বিশ্ব স্বাস্থ্য সংস্থাৰ পক্ষৰ পৰা।