ASSAM TIMES POST
পশ্চিম কাৰ্বি আংলংঃ পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছ’ৰ বৃহৎ অঞ্চল গৰাখহনীয়া কৱলত পৰিছে। কিছুদিন পূৰ্বে হৈ যোৱা বানপানীৰ পিছত এইবাৰ গৰাখহনীয়াই কাল ৰূপ ধাৰণ কৰিছে। কাৰ্বি লাংপি নদীৰ কাষতে থকা হংক্ৰাম, বৰচালি, খাৰোপিন্ধা, আমডুবি আদি অঞ্চলত চপৰা চপৰে খহিছে নদীৰ গড়া। ফলত অঞ্চলটোৰ ঘৰ-বাৰী কৃষি ভূমি নদীত জাহ যোৱাৰ উপক্ৰম হোৱাত আতংকিত হৈ পৰিছে গাঁওবাসী।লক্ষণীয় যে অঞ্চলটোৰ কেইবাঠাইতো অব্যাহত থকা গৰাখহনীয়া ৰোধ কৰাৰ ক্ষেত্ৰত বৰ্তমানলৈকে প্ৰশাসন কিম্বা সংশ্লিষ্ট বিভাগে ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে।











