ASSAM TIMES POST
বিশেষ প্ৰতিবেদন:
১. চাইকেল চলোৱা ব্যায়াম:
এইটো আচলতে সঁচাকৈ চাইকেল চলাই কৰা ব্যায়াম নহয়। এই ব্যায়ামটো কৰিবলৈ হ’লে আপুনি প্রথমে ওপৰফালে মুখ কৰি শুব লাগিব। ইয়াৰ পিছত হাত দুখন মূৰৰ পিছফালে নিব লাগিব। এতিয়া চাইকেল যেনেদৰে ভৰিৰে পেডেল ঘূৰাই চলোৱা হয় ঠিক তেনেদৰে ভৰি দুখন ওপৰলৈ উঠাই চাইকেল চলাওক। এইক্ষেত্রত ভৰি দুখনক ৪৫ ডিগ্রি কোণত ওপৰলৈ উঠাব লাগিব। এখন ভৰি যেতিয়া বুকুৰ ওপৰলৈ আহিব, আনখন ভৰি তেতিয়া ওপৰৰ ফালে উঠাব। এনেদৰে ৰিভাৰ্ছ কৰি ব্যায়ামটো আধা ঘন্টা কৰিব লাগিব। সপ্তাহত ৩ দিন এই ব্যায়ামটো কৰিলেই আপুনি খুব সহজেই পাব পাৰে এটি মেদহীন আকর্ষণীয় পেট।
২. নৌকাসন ব্যায়াম:
নৌকাসন ব্যায়ামটোৰ সৈতে নিশ্চয় বহুতেই পৰিচিত। ই অৱশ্যে সঁচা অর্থত নৌকা চলোৱা নহয়। ইয়াৰ বাবে আপুনি শুই ল’ব লাগিব। হাত দুখন মূৰৰ ওপৰত চিধা কৰি ৰাখিব লাগিব। ভৰি দুখনো চিধা কৰি ৰাখক। ইয়াৰ পিছত হাত-ভৰি উভয়কে একেলগে ৪৫ ডিগ্রি উচ্চতালৈ ডাঙিব লাগিব! পুনৰ তাক নমাই চিধা কৰিব লাগিব। হাত-ভৰিবোৰ যেতিয়া ওপৰলৈ উঠাব এইটো চাব যেন অর্ধ চন্দ্রৰ দৰে হয়। এই ব্যায়ামত আপোনাৰ পেটৰ ওপৰত চাপ পৰিব ফলত আপোনাৰ পেট কমি যাব।
৩.উঠা-বহা ব্যায়াম:
পেটৰ অতিৰিক্ত চৰ্বি কমাবলৈ আপুনি এই উঠা-বহাৰ ব্যায়ামটোও কৰিব পাৰে। এইটো অতি সহজ এক ব্যায়াম। আপুনি কেৱল প্রতিদিনে গণি গণি ৫০ বাৰ বহা আৰু উঠা কৰক। ইয়াৰ ফলত পেটত চাপ পৰি চৰ্বি কমি যাব।
ইয়াৰ উপৰি আৰু এটা ব্যায়াম কৰিব পাৰে। সেইটো হ’ল হাত দুখন মূৰৰ পিছফালে দি শুই কঁকালৰ ওপৰৰ অংশটো বাৰে বাৰে ৯০ ডিগ্রি উঠাই বহক আৰু শুই পৰক। এনেদৰে সপ্তাহত ৩ দিন ৪০ বাৰকৈ কৰিলে আপুনি পাব পাৰে এটি মেদহীন আকর্ষণীয় পেট।