ASSAM TIMES POST
ডিজিটেল ডেস্ক:
আপুনি জানেনে হার্ট এটাকৰ এমাহ পূৰ্বৰ পৰাই শৰীৰে কিছু সতর্কতাৰ সংকেত দিবলৈ আৰম্ভ কৰে। ৭টা লক্ষণ আছে, যিবোৰ দেখা গ’লে বুজিব আপুনি শীঘ্ৰেই হার্ট এটাকত আক্রান্ত হ’বলৈ আগবাঢ়িছে। লক্ষণসমূহে দেখা দিলে দ্রুতভাৱে চিকিৎসকৰ সৈতে যোগাযোগ কৰক।
হৃদৰোগ:
১. অস্বাভাবিক ধৰণৰ শাৰীৰিক দুর্বলতা: ৰক্তপ্রবাহ কমি গ’লে আৰু ৰক্ত চলাচল বাধাগ্রস্ত হ’লে এনে হয়। ৰক্তৰ শিৰা-উপশিৰাবোৰত চর্বি জমা হৈ বাধা সৃষ্টি কৰিলে আৰু মাংসপেশী দুর্বল হৈ পৰিলে হৃদৰোগৰ প্রধানতম এই লক্ষণটি দেখা দিয়ে।
২. ৰিমজিমোৱা: দেহত ৰক্তৰ প্রবাহ কমি গ’লে ৰিমজিমনিও দেখা দিয়ে। মস্তিষ্কত ৰক্ত প্রবাহ কমি গ’লে ৰিমজিমনিৰ সৃষ্টি হয়।
৩. ঠাণ্ডা ঘাম: ৰক্তপ্রবাহ কমি গ’লে দেহত ঘাম ওলালে ঠাণ্ডা ভাব অনুভূত হ’ব।
৪. বুকৰ বিষ: বুকু, বাহু, পিঠি আৰু কান্ধত বিষ অনুভূত হ’লে তৎকালে চিকিৎসকৰ সৈতে যোগাযোগ কৰক। বুকুত বিষ আৰু সংকোচন হৃৎপিণ্ডৰ অসুস্থতাৰ এটি ডাঙৰ লক্ষণ।
৫. শ্বাসকষ্ট: হাওঁফাওঁত পর্যাপ্ত পৰিমাণে অক্সিজেন আৰু ৰক্ত সৰবৰাহ ন’হলে এই ধৰণৰ সমস্যা দেখা দিয়ে। হার্টৰ সমস্যা থাকিলে হাওঁফাওঁত ৰক্ত চলাচল কমি যায়। আৰু শ্বাসকষ্ট বা শ্বাস চুটি হৈ অহাৰ দৰে সমস্যা দেখা যায়।
৬. ঠাণ্ডা বা ফ্লু: হার্ট এটাকৰ চিকাৰ অনেককেই এমাহ পূৰ্বৰ পৰা ঠাণ্ডা-চর্দি বা ফ্লুত আক্রান্ত হোৱা দেখা যায়।
৭. বমি, বদহজম, তলপেটত বিষ: বমিভাব, বদহজম, বুকু-হৃৎপিণ্ডত জ্বালাপোৰা কৰা বা তলপেটত বিষও বহু সময়ত হার্ট এটাকৰ পূর্ব লক্ষণ হ’ব পাৰে। গতিকে এই লক্ষণবোৰ দেখা দিলে হৃদৰোগৰ চিকিৎসকৰ পৰামর্শ লওক।