ASSAM TIMES POST
বিশেষ প্ৰতিবেদন:
পুৱা উঠি খালী পেটত পানী খোৱাৰ উপদেশ আমি সৰুৰে পৰাই শুনি আহিছো। মনত পেলালে গম পাব ডাঙৰসকলে কৈছিল, খালী পেটত পুৱা এক গিলাচ পানী খালে শৰীৰ নিৰোগী হৈ থাকে। সমগ্ৰ দিনৰ কামত স্ফূর্তি পোৱা যায়।
আহক এবাৰ চাওঁ,পুৱা উঠিয়েই পানী খালে কি হ’ব পাৰে:
• চেষ্টা কৰক পুৱা টোপনিৰ পৰা উঠিয়েই খালী পেটত এক গিলাচ পানী খাবলৈ। কাৰণ খালী পেটত পানী খালে গোটেই ৰাতি আমাৰ মুখত যিবোৰ বেক্টেৰিয়া বা টক্সিন জন্মায় সেইবোৰ মূত্রনলীয়েদি বাহিৰ ওলাই যায়।
• কোষ্ঠকাঠিন্য, গেছৰ দৰে পেটৰ ৰোগ নিৰাময় হয়।
• মনত ৰাখিব লাগিব পানী খোৱাৰ মাত্রাও কম হব লাগিব৷ শৰীৰৰে নির্দিষ্ট পৰিমাণৰ বেছি পানী খালেও বিপৰীত ফল হ’ব পাৰে। যেনে ছাল বেছি বগা পৰি যাব পাৰে।
• বেছি পানী খালে বেছিকৈ প্ৰস্ৰাব কৰিবলগা হোৱাৰ ফলত শৰীৰৰ পৰা ওলাই যাব পাৰে প্রচুৰ পৰিমাণে খনিজ পদার্থ। যাৰ ফলত আৰু বেছি অৱসাদগ্ৰস্ত হৈ পৰিব পাৰে। যিয়ে আপোনাক অসুস্থ কৰি দিব পাৰে।