ASSAM TIMES POST
বিশেষ প্ৰতিবেদন:
(দ্বিতীয় খণ্ড)
এবাৰ জানি লোৱা যাওক কলমৌ শাকৰ বিস্তাৰিত উপকাৰিতা সম্পর্কে-
* আঁহেৰে ভৰপূৰ এবিধ খাদ্য কলমৌ শাক। ই খাদ্য হজম, খাদ্য পৰিপাক আৰু বিপাক ক্রিয়াত সহায় কৰে। নিয়মিত কলমৌ শাক খালে কোষ্ঠকাঠিন্য সমস্যা দূৰ হয়।
* যদি কাৰোবাৰ ফোঁহা হয়, তেতিয়া এই কলমৌ পাত অলপ আদাসহ পটাত বটি ফোঁহাৰ চাৰিওপাশে লেপন দি মাজত খালি ৰাখিব লাগে। তিনি দিন এনেদৰে লেপন দিলে ফোঁহা গলি যাব আৰু পুঁজ ওলাই শুকাই যাব।
* কুকুৰীকণা ৰোগত এই কলমৌ শাক কেইবা সপ্তাহো প্রতিদিনে এবেলা ভাজি খালে ভাল হয়।
* গর্ভাৱস্থাত মাকৰ শৰীৰত, হাত-ভৰিত পানী আহে। সেই সময়ত কলমৌ শাক বেছিকৈ নহৰু দি ভাজি তিনি সপ্তাহ খালে পানী কমি যায়।
* যদি প্রস্রাৱৰ পথত জ্বালা-যন্ত্রণা হয়, সেই সময়ত কলমৌৰ ৰস উলিয়াই ৩/৪ চামুচ পৰিমাণ ৩ সপ্তাহ খালে এই জ্বালা কমি যায়।
* হাত-ভৰি বা শৰীৰত জ্বালা কৰিলে কলমৌ শাকৰ ৰসৰ সৈতে অলপ গাখীৰ মিলাই পুৱা খালি পেটত এসপ্তাহ খালে উপকাৰ পোৱা যাব।
* পিপৰা, মৌমাখি, বিছা বা কোনো পোক-পৰুৱাই কামুৰিলে এই কলমৌ শাকৰ পাত থাৰিসহ ৰস উলিয়াই লগালে যন্ত্রণা কমি যায়।
* কলমৌ শাক চকুৰ বাবেও বিশেষ উপকাৰী। কলমৌ শাকে দৃষ্টিশক্তি প্রখৰ কৰে।
* কলমৌ শাকত পর্যাপ্ত পৰিমাণৰ খাদ্যশক্তি থকাত শাৰীৰিক দুর্বলতা দ্রুতভাৱে আঁতৰোৱাত সহায় কৰে। ৰোগীক দ্রুতভাৱে সুস্থ্য কৰোৱাৰ বাবে কলমৌ শাক খুৱাব লাগে।
* নাৰীৰ বিভিন্ন শৰীৰবৃত্তীয় সমস্যাত দ্রুত কাম কৰে কলমৌ শাকে। ঋতুস্ৰাবৰ সমস্যা দূৰীকৰণত কলমৌ শাকে উপকাৰী ভূমিকা পালন কৰে।
* যাৰ বিনা কাৰণত মূৰ বিষোৱাৰ সমস্যা আছে, তেওঁলোকে কলমৌ শাক খালে উপকাৰ পাব। অনিদ্রা দূৰীকৰণতো কলমৌ শাক খাব পাৰে।
বিঃদ্ৰঃ ইউৰিক এচিডত যিসকল ভুগিছে বা কিডনিজনিত সমস্যাত আছে, এনে ব্যক্তিয়ে কলমৌ শাক নোখোৱাই ভাল।