ASSAM TIMES POST
পুৱা শুই উঠাৰ লগে লগে মানুহে জিম, যোগ, ব্যায়াম অনুশীলনৰ দৰে শাৰীৰিক ক্রিয়াকলাপ আৰম্ভ কৰে। কিন্তু আপুনি জানেনে যে শৰীৰৰ উপৰি আপোনাৰ নিজৰ মস্তিষ্কৰ বাবেও কিবা কাম কৰা উচিত।শৰীৰৰ অন্যান্য অংগৰ গৰে মস্তিষ্কৰো অৱসাদ আৰু ক্লান্তি আহে, যাৰ কাৰণে আপোনাৰ মস্তিষ্ককো শৰীৰ বাকী অঙ্গৰ দৰে সতেজ ৰাখিব লাগিব।
বিছনাৰ পৰা উঠাৰ লগে লগে কিছু বিশেষ কাম কৰক, ইয়াৰ দ্বাৰা আপোনাৰ মস্তিষ্ক সম্পূৰ্ণ দিন চলিব আৰু দিনটোৰ আৰম্ভণিও ভালে থাকিব। মস্তিষ্কৰ এই অনুশীলনসমূহ কৰিলে আপোনাৰ ষ্ট্ৰেছ নহয় আৰু আপুনি সম্পূৰ্ণ দিন আপোনাৰ কামত মনোনিবেশ কৰিব পাৰিব।
পুৱা উঠি অলপ পঢ়াৰ অভ্যাস কৰক :
এইটো বিশ্বাস কৰা হয় যে পুৱা টোপনিৰ পৰা উঠি এনৌকুৱা কিছু পঢ়ক যিয়ে মননো উজ্জ্বল কৰে। প্রতিদিনৰ ভিৰত আমি বহি কিবা পঢ়াৰ বাবে সময় আৰু ক’ত পাওঁ! সেয়ে পঢ়াৰ অভ্যাস কৰক বিশেষকৈ পুৱা।
আপুনি পুৱা কিতাপ, সংবাদপত্র, আলোচনী বা এটি অনলাইন নিবন্ধও পঢ়িবও পাৰে। বিশেষজ্ঞসকলে কৈছে যে আপুনি যদি কিবা পঢ়ি দিনটো আৰম্ভ কৰে তেতিয়া সম্পূৰ্ণ দিনটো খুব স্বাচ্ছন্দ্যৰে গুচি যায়, তাৰ লগতে মন আৰু মস্তিষ্কও সঠিক দিশত চলে।
মেডিটেচন কৰক :
যদি সম্পূৰ্ণ দিনটো শান্তিত কটাব বিচাৰে তেতিয়া ধ্যানতকৈ ভাল আৰু একো নাই। ধ্যান কৰাৰ মাধ্যমেৰে, আপুনি মনোনিবেশিত হৃদয়েৰে যিকোনো কাম কৰিবলৈ সক্ষম। ইয়াৰ উপৰি ধ্যানৰ মাধ্যমেৰে হতাশা আৰু উত্তেজনাও অতিক্ৰম কৰা সম্ভৱ।