ASSAM TIMES POST
বিশেষ প্ৰতিবেদন:
ক’ৰোনা মহামাৰীৰ সময়ত সকলোতকৈ গুৰুত্বপূর্ণ বিষয় হ’ল সুস্থ হৈ থকা। যাতে কোনোভাৱে আপুনি এই মাৰণ ভাইৰাছৰ চিকাৰ নহয় সেই বিষয়ত সচেতন হৈ থকা। এই মহামাৰীৰ পৰা বাচিবৰ বাবে প্রথমৰ পৰাই শৰীৰ বিভিন্ন অংগক স্বাস্থ্যবিধি মানি স্পর্শ কৰাৰ কথা জনোৱা হৈছিল স্বাস্থ্য মন্ত্রণালয় আৰু স্বাস্থ্য দপ্তৰৰ তৰফ পৰা।
এই বাধা-নিষেধসমূহ পালন কৰিলে ক’ৰোনা ভাইৰাছ সংক্রমণৰ পৰা ৰক্ষা পৰিব পাৰিব। আপুনি নিশ্চয় জানে যে মহিলা আৰু পুৰুষ উভয়েই তেওঁলোকৰ শৰীৰৰ নির্দিষ্ট অংগসমূহক বাৰম্বাৰ স্পর্শ কৰে। এই অভ্যাসৰ চিকাৰ ব্যক্তিসকল গুৰুতৰ অসুস্থতাৰ চিকাৰ হ’ব পাৰে যিকোনো সময়তে। জানি লওঁ আহক দেহৰ কোন বিশেষ অঙ্গসমূহ বাৰম্বাৰ স্পর্শ কৰা উচিত নহয়। চকু- চকু আমাৰ দেহৰ এনে এটি গুৰুত্বপূর্ণ অঙ্গ যাৰ মাধ্যমেৰে আমি আমাৰ চাৰিওপাশৰ বস্তুসমূহ দেখিবলৈ পাওঁ।
মহিলা আৰু পুৰুষসকলৰ মাজত ঘন ঘন চকু স্পর্শ কৰা বা চকু মোহৰাৰ এটি বেয়া অভ্যাস আছে। এইটো কৰাৰ সময়ত যদি কোনো জীবাণু আপোনাৰ হাতত উপস্থিত থাকে তেতিয়া ই চকুত মাৰাত্মক সংক্রমণৰ কাৰণ হ’ব পাৰে। সেয়ে ঘনে ঘনে আপুনি চকু স্পর্শ নকৰিব। প্রয়োজনত চকু চিকিৎসকৰ পৰামর্শ লওক।ওঁঠ- পুৰুষ মহিলা নির্বিশেষে বাৰম্বাৰ ওঁঠ স্পর্শ কৰাৰ প্রবণতা বেছি লক্ষ্য কৰা যায়। মহিলাসকলে মেকআপ বা ছালৰ যত্ন ল’বলৈ গৈ ওঁঠ স্পর্শ কৰে।
পুৰুষো এই অভ্যাসৰ চিকাৰ। ই কেৱল ওঁঠৰ আকৃতিয়েই নষ্ট নকৰে, কিন্তু ই ওঁঠৰ নৰম ছালকো প্রচুৰ ক্ষতি কৰিব পাৰে। সেয়ে বাৰম্বাৰ আপোনাৰ ওঁঠ স্পর্শ কৰা এৰাই চলক। ইয়াৰ উপৰি আপোনাৰ আঙুলিত লাগি থকা জীবানুৰ ফলত সহজেই শৰীৰৰ ভিতৰত প্রৱেশ কৰিব পাৰে। সেই অভ্যাস থাকিলে সচেতন হওক আৰু এই অভ্যাস ত্যাগ কৰক।নাক- শ্বাস-প্রশ্বাসৰ প্রক্রিয়া বন্ধ থকাত বা আৰু নানা বিষয়ত বাৰম্বাৰ নাক-চুলি বা কাণত হাত দিয়াৰ প্রৱণতা লক্ষ্য কৰা যায়।
কিছু লোকৰ নাকৰ ভিতৰত বাৰম্বাৰ আঙুলি দি স্পর্শ কৰাৰ অভ্যাসো থাকে। এই অভ্যাসৰ ফলত খুব সহজেই নাকৰ ভিতৰত সংক্রমণ বিয়পি যাব পাৰে। ইয়াৰ ফলত আপোনাৰ শ্বাসকষ্টজনিত ৰোগো হ’ব পাৰে। পুৰুষসকলৰ তুলনাত মহিলাসকলৰ মাজত এই অভ্যাস কম দেখা যায়। কিন্তু পুৰুষ আৰু মহিলা উভয়েই এই বিষয়ত যত্নৱান হোৱা দৰকাৰ।কাণ- বহুতে নিশ্চয় দেখিছে যে কাণ পৰিষ্কাৰ কৰাৰ বাবে কাণৰ ক্লিনাৰ পৰিৱর্তে আঙুলিৰ সহায় লয়।
ই অত্যন্ত বিপজ্জনক হ’ব পাৰে। ইয়াৰ ফলত হাতত থকা জীবানু যাক আমি দেখা নাপাওঁ পোনে পোনে কাণত প্রবেশ কৰিব পাৰে। এই জীবাণুসমূহে কাণৰ সংক্রমণো ঘটাব পাৰে। কাণৰ সংক্রমণ কেতিয়াবা কেতিয়াবা ইমান মাৰাত্মক হয় ইয়াৰ ফলত ডিঙি ফুলি যোৱা, কাণত বিষ হৈৱাৰ সম্ভাৱনা থাকে।
সেয়ে এই অভ্যাসসমূহ যদি আপোনাৰ থাকে তেন্তে তাক তুৰন্তে সলনি কৰক।খাদ্য খোৱাৰ পিছত, এনে বহু লোক আছে যিয়ে মুখত লাগি থকা খাদ্য পৰিষ্কাৰ কৰিবলৈ কেৱল মাত্র আঙুলি ব্যৱহাৰ কৰে। এটি অদ্ভুত অনুভূতিৰ উপৰি ই পোনেপোনে শৰীৰত বিভিন্ন ধৰণৰ ৰোগ সৰবৰাহ কৰিব পাৰে। গতিকে, যিসকলৰ এইধৰণৰ অভ্যাস আছে তেওঁলোকে ইয়াক আজিৰ পৰাই পৰিত্যাগ কৰা উচিত। মুখ পৰিষ্কাৰ কৰাৰ বাবে কেৱল গৰম পানী বা মাউথৱাছ ব্যৱহাৰ কৰক।