ASSAM TIMES POST
বিশেষ প্ৰতিবেদন:
আমাৰ শৰীৰৰ গুৰুত্বপূর্ণ এটি অঙ্গ হ’ল বৃক্ক বা কিডনি। শৰীৰৰ সার্বিক সুস্থতা বজায় ৰাখিবলৈ কিডনিৰ যত্ন লোৱা অত্যন্ত জৰুৰী। আৰু কিডনি ভাল ৰাখিবলৈ আমি কিছু নিয়ম অৱশ্যেই মানি চলা উচিৎ।
আমাৰ শৰীৰৰ ৰক্ত পৰিশোধনৰ অঙ্গ কিডনি। শৰীৰত জমা হৈ থকা বহু ৰকমৰ বর্জ্যও পৰিশোধিত হয় কিডনিৰ মাধ্যমেৰে। কিডনিৰ নানা সমস্যাৰ ভিতৰত সকলোতকৈ ডাঙৰ সমস্যা হৈছে কিডনিত পাথৰ হোৱা।
কিডনিত পাথৰ জমা বা সৃষ্টি হোৱাৰ প্রকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। কিন্তু কিছু কিছু বিষয় কিডনিত পাথৰ সৃষ্টিৰ বাবে দায়ী বুলি বিবেচিত হয়। যেনে

১। শৰীৰত পানীৰ কম পৰিমাণ। কম পানী খোৱা।
২। একাধিকবাত কিডনিত ইনফেকচন হোৱা আৰু ইয়াত বাবে যথাযথ চিকিত্সাৰ ব্যৱস্থা নকৰা।
৩। অত্যধিক পৰিমাণত গাখীৰ, পনিৰ বা দুগ্ধজাত খাদ্য খোৱাৰ অভ্যাস।
৪। শৰীৰত কেলচিয়ামৰ মাত্রাধিক পৰিমাণ।
কিডনিত পাথৰ হোৱাৰ উপসর্গ-
১। ৰক্তবর্ণৰ প্রসাৱ।
২। বমি বমি ভাব। বহু সময়ত বমিও হ’ব পাৰে।
৩। কঁকালৰ পিছফালে বিষ হোৱা। এই বিষ তীব্র যদিও সাধাৰণতে খুব বেছি সময় স্থায়ী নহয়। বিষ কিডনিৰ অৱস্থানৰ পৰা তলপেটলৈও বিয়পি পৰিব পাৰে।













