ASSAM TIMES POST
ডিফুঃ অসম শক্তি খণ্ডৰ (এপিডিচিএল/এপিজিচিএল/আৰু এইজিচিএল) অস্থায়ী কৰ্মীৰ চাকৰি নিয়মীয়া কৰণৰ বাবে আজি সমগ্ৰ ৰাজ্যৰ লগত সংগতি ৰাখি ডিফুতো পুৱা ৯ বজাৰ পৰা ৫ বজালৈ অৱস্থান ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ অসম অস্থায়ী বিলক্লাৰ্ক মিটাৰ ৰীডাৰ সন্থাৰ ডিফু আঞ্চলিকে৷
ডিফু স্থিত অসম শক্তি বিতৰণ কেন্দ্ৰ পৰিসীমিত উপসংমণ্ডল বিষয়াৰ কাৰ্যালয়ত প্ৰতিবাদকাৰী সকলে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ ধৰ্ণাত অংশ গ্ৰহণ কৰা প্ৰতিবাদকাৰী সকলে সাংবাদিকৰ আগত ক্ষোভ উজাৰি কয় যে, মিটাৰ ৰীডাৰ সকলে ৰ’দে-বৰষুণে বহু ত্যাগ, কষ্ট স্বীকাৰ কৰি বিদ্যুতৰ মিটাৰ ৰীডিং সংগ্ৰহ কৰি কাৰ্যালয়ত যোগান ধৰে৷
আনহাতে মীটাৰৰ ৰীডিং আনিবলৈ যাওঁতে বিলৰ হাৰ হ্ৰাস আৰু বৃদ্ধিক লৈও গ্ৰাহকৰ ককৰ্থনাৰ মুখামুখি হ’ব লগীয়া হয় কৰ্মীসকল৷ সেয়ে চৰকাৰে প্ৰতিবাদকাৰী সকলৰ দাবী ৰক্ষা কৰি ২৮ এপ্ৰিলত দিয়া সাক্ষাৎকাৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰি শীঘ্ৰে চাকৰি নিয়মীয়া কৰাৰ বাবে আহ্বান জনায়৷
দাবী মানি নললে সদৌ অসম অস্থায়ী বিলক্লাৰ্ক মিটাৰ ৰীডাৰ সন্থাই ৯ আগষ্টত বিজুলি ভৱন ঘেৰাও কৰিব বুলি জনায়, ইয়াতো বিফল হ’লে সন্থাই জংগী আন্দলোন আৰম্ভ কৰিব বুলিও হুংকাৰ দিয়ে।












